কলিয়াবৰ, 2 চেপ্টম্বৰ :সম্প্ৰতি বানৰ কৱলত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ ভদীয়া বানৰ কৱলত পৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱকুলে এতিয়া পৰিত্ৰাণ বিচাৰি ওখ ঠাইলৈ ঢাপলি মেলিছে ৷ এক কথাত জীৱকুলৰ সম্প্ৰতি নাজন নাথল অৱস্থাৰ সৃষ্টি হৈছে ৷ কিন্তু এনে বিপত্তি কাজিৰঙাৰ বাবে এক স্বাভাৱিক প্ৰক্ৰিয়া ৷ জীৱন মৰণৰ এই যুদ্ধৰ মাজতেই কাজিৰঙাত দেখা গ’ল কেইবাটাও বিনন্দীয়া দৃশ্য ৷
কেমেৰাত বন্দী হৈ পৰা এই দৃশ্য কেইটাই প্ৰতিজন প্ৰকৃতি প্ৰেমীৰ মনতেই সৃষ্টি কৰিব বিমল আনন্দৰ ৷ ইয়াৰে প্ৰথমটো দৃশ্যত এটা পেলিকানৰ মৎস্য চিকাৰ বন্দী হ'ল কেমৰাৰ লেঞ্চত । আপোন মনে জলকেলি কৰি থকাৰ সমান্তৰালকৈ খাদ্যৰ সন্ধানতো ব্যস্ত থকা দেখা গ’ল এটা পেলিকান চৰাইক ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত দেখা গ’ল পেলিকানৰ মৎস চিকাৰৰ এই নান্দনিক দৃশ্য ৷