অসম

assam

ETV Bharat / state

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান - কাজিৰঙা

পৰ্যটনৰ বাবে মুকলি কৰা হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ 1 অক্টোবৰৰ অৰ্থাৎ শুকুৰবাৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছে ৷ কঁহৰা বনাঞ্চলৰ প্ৰায় 9 কিঃমিঃ আৰু বাগৰি বনাঞ্চলৰ 8 কিঃমিঃ জিপ চাফাৰীৰ বাবে মুকলি কৰি দিয়া হৈছে ।

kaziranga national park reopenes for tourists
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

By

Published : Oct 1, 2021, 2:10 PM IST

বোকাখাত , 1 অক্টোবৰ :2021-22 পৰ্যটনৰ বাবে মুকলি হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণামৰ্মে শুকুৰবাৰে ৰাষ্ট্ৰীয় উদ্যানখন পুনৰ আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয় ৷

পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বিগত 22 ছেপ্টেম্বৰত বোকাখাত গঁড়ৰ খৰ্গ দাহন অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি কৰাৰ কথা ঘোষণা কৰিছিল ৷ সেইমৰ্মে, শুকুৰবাৰৰ পৰা কাজিৰঙাৰ কঁহৰা আৰু বাগৰি বনাঞ্চলৰ 30 শতাংশ অঞ্চল মুকলি কৰি দিয়া হৈছে ৷ ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ পাচতে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ সৈতে জড়িত লোকসকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, কঁহৰা বনাঞ্চলৰ প্ৰায় 9 কিঃমিঃ আৰু বাগৰি বনাঞ্চলৰ 8 কিঃমিঃ জিপ চাফাৰীৰ বাবে মুকলি কৰি দিয়া হৈছে ।

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বুধবাৰে উদ্যানখনৰ মূল প্ৰৱেশদ্বাৰ মুকলি কৰে ৷ কৃষিমন্ত্ৰী অতুল বৰা, গোলাঘাট জিলাৰ উপায়ুক্ত, পূৱ-অসম বন্যপ্রাণী প্ৰাধিকাৰী ৰমেশ চন্দ্ৰ গগৈ আৰু বোকাখাতৰ মহকুমাধিপতিয়ে বনমন্ত্ৰীগৰাকীক সংগ দিয়ে ৷

লগতে পঢ়ক :গোলাঘাটত উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক

ABOUT THE AUTHOR

...view details