বোকাখাত, ১ জুন :পৰ্যটকৰ বাবে বন্ধ হ'ল বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park has been closed to tourists)। বিগত বৰ্ষৰ অক্টোবৰ মাহত আৰম্ভ হোৱা ২০২১-২২ পৰ্যটন বৰ্ষ ৩১ মে'ত অন্ত পৰাৰ কথা ঘোষণা কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ উদ্যান কৰ্তৃপক্ষৰ সূত্ৰৰ মতে সদ্য সমাপ্ত পৰ্যটন বৰ্ষত কাজিৰঙালৈ আহিল মুঠ ২,৫৫,৬৭৬ গৰাকী পৰ্যটক ৷ ইয়াৰে দেশী পৰ্যটক ২,৫৩,৯৮৯ আৰু বিদেশী পৰ্যটক ১,৬৮৭ গৰাকী ৷
বিশেষকৈ ডিচেম্বৰ মাহতে কেৱল আগমন হ’ল ৫৫,৭৭৩ গৰাকী পৰ্যটকৰ ৷ আনহাতে পৰ্যটন বৰ্ষটোত সংগ্ৰহ হোৱা মুঠ ৰাজহৰ পৰিমাণ ৬,২৪,০৮,৬৫৪ টকা (Total revenue collection in Kaziranga National Park) ৷ লক্ষ্যণীয় বিষয়টো হ'ল যে বিগত দুটা বছৰ ক'ভিড সৃষ্ট পৰিস্থিতিৰ বাবে কাজিৰঙালৈ পৰ্যটকৰ আগমন কম হ'ব বুলি আশংকা কৰা হৈছিল ।