অসম

assam

ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী কোৱাৰেণ্টাইন ! - ছোৱাইন ফিভাৰ

Covid 19 ৰ উপৰিও ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান কৰ্তৃপক্ষ ৷ উদ্যান কৰ্তৃপক্ষই ইয়াৰ অন্তৰ্গত জীৱ-জন্তসমূহৰ সুৰক্ষাৰ প্ৰতি বিশেষ ব্যৱস্থা গ্ৰহণ কৰি হাতীসমূহক অন্য স্থানলৈ স্থানান্তৰ কৰে ৷

kaziranga national park elephant quarantine golaghat etv bharat news
কাজিৰঙা ৰাষ্ট্ৰীন উদ্যান

By

Published : May 7, 2020, 11:00 AM IST

গোলাঘাট,7 মে’ঃ ছোৱাইন ফিভাৰৰ সংক্ৰমণ ৰোধৰ বাবে তৎপৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ । ৰাজ্যত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰা ছোৱাইন ফিভাৰৰ ফলত মৃত্যুমুখত পৰিছে শ শ গাহৰি ৷ শেহতীয়া সময়ত ব্ৰহ্মপুত্ৰত উটি অহা ইটোৰ পাছত সিটো মৃত গাহৰি সোমাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷ মৃত গাহৰিবোৰ এনেদৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ বন সংমণ্ডলৰ অন্তৰ্গত ষষ্ঠ সংযোজন এলেকাত প্ৰৱেশ কৰাত উদ্যানখনৰ বাবে সংকটৰ সৃষ্টি কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷ যাৰ বাবে তৎপৰ হৈ উঠিছে উদ্যান কৰ্তৃপক্ষ ৷ প্ৰাপ্ত তথ্য অনুসৰি,উত্তৰ বন সংমণ্ডল বিষয়া মুকুট দাসৰ তৎপৰতাত নদীত উটি অহা গাহৰিৰ মৃতদেহ উদ্ধাৰ কৰি পুতি পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বনকৰ্মীসকলে ৷

আনহাতে, শেহতীয়া তথ্য অনুসৰি ৩০টাৰো অধিক মৃত গাহৰি নদীৰ পৰা উদ্ধাৰ কৰা হৈছে ৷ একেদৰে ধনশিৰি নদীতো দৃষ্টি ৰাখিছে উদ্যান কৰ্তৃপক্ষই ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলতো বৃহৎ সংখ্যক গাহৰি ছোৱাইন ফিভাৰত আক্ৰান্ত হোৱাত উদ্যান কৰ্তৃপক্ষই পশু চিকিৎসা বিভাগ আৰু স্বেচ্ছাসেৱী সংস্থাৰ সৈতে আলোচনাত মিলিত হৈ ২২টা পশু চিকিৎসা গোট গঠন কৰি ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত সজাগতাৰ অৰ্থে প্ৰেৰণ কৰে ৷

ছোৱাইন ফিভাৰৰ বাবে সতৰ্ক উদ্যান কৰ্তৃপক্ষ

উল্লেখ্য় যে, ৰাষ্ট্ৰীয় উদ্যানখনৰ মিহিমুখকে ধৰি আন কেইবাটাও বন শিবিৰত থকা হাতীসমূহ ইতিমধ্যে স্থানান্তৰ কৰা হৈছে ৷ কাৰণ হাতীসমূহক যোগান ধৰা দানা ভক্ষণ কৰে একাংশ বনৰীয়া গাহৰিয়ে ৷ দানা খাবলৈ নিতৌ শিবিৰসমূহলৈ আগমন ঘটে বনৰীয়া গাহৰিৰ ৷ গতিকে সাৱধানতা অৱলম্বন কৰি হাতীসমূহ ৰাষ্ট্ৰীয় উদ্যানখনৰ আন ঠাইলৈ স্থানান্তৰ কৰা হৈছে ৷

লগতে চাওকঃউত্তৰ-পূৰ্বাঞ্চলৰ পঞ্চমখন COVID-19 মুক্ত ৰাজ্য হোৱাৰ দিশত মিজোৰাম

ABOUT THE AUTHOR

...view details