গোলাঘাট, 30 জুনঃক্ৰমান্বয়ে বৃদ্ধি পাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলস্তৰ । ইয়াৰ সামান্তৰাল ভাৱে উফন্দি উঠিছে ইয়াৰ নৈ উপনৈ সমূহ । এতিয়া ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ বিভিন্ন উপনৈ আৰু ডিফলু নদীৰ বাঢ়নি পানীয়ে বৰ্তমানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 60 শতাংশ বুৰাই পেলাইছে ৷ ফলত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা জীৱন ৰক্ষাৰ বাবে কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে বিভিন্ন জীৱ-জন্তুৱে । ইপিনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ মূহুৰ্তত মৃত্যু হৈছে পহুৰ । এই দুৰ্ঘটনাৰ পাচতেই তৎপৰ হৈছে প্ৰশাসন তথা বন বিভাগ ৷
বন্য প্ৰানীৰ নিৰাপত্তাৰ বাবে ৰাষ্ট্ৰীয় পথটোত প্ৰশাসনে 144 ধাৰা জাৰি কৰাৰ লগতে বেৰিকেড বহুৱাই টাইম কাৰ্ড প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । আমগুৰিৰ পৰা পানবাৰী লৈকে 49 কিলোমিটাৰ দূৰত্ব বাটলৈ 74 মিনিট সময় ধাৰ্য কৰি টাইম কাৰ্ডৰ ব্যৱস্থা কৰা হৈছে ।