কাজিৰঙা,২৪ নৱেম্বৰ :অসমত শেহতীয়াকৈ বেদখলকাৰীৰ বিৰুদ্ধে সষ্টম হৈছে চৰকাৰ তথা প্ৰশাসন । সত্ৰৰ ভূমি, বনাঞ্চল, চৰকাৰী ভূমি আদিত বেদখল কৰা লোকৰ বিৰুদ্ধে চৰকাৰে উচ্ছেদ চলাইছে (Eviction in Assam)। অসমৰ বিভিন্ন প্ৰান্তত বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰ তথা জিলা প্ৰশাসনে উচ্ছেদ চলাইছে ।
কিন্তু তাৰ মাজতে একাংশ ভূমিপুত্ৰ তথা খিলঞ্জীয়া লোকক উচ্ছেদ কৰাক লৈ বিভিন্ন স্থানত প্ৰতিবাদ হোৱাও দেখা গৈছে । ইফালে উচ্ছেদিত পৰিয়ালবোৰক চৰকাৰে পুনৰ সংস্থাপন নকৰাত ক্ষোভৰ জুই দেখিবলৈ পোৱা গৈছে । এইবাৰ কান্দি কান্দি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ক্ষতিপূৰণ প্ৰদানৰ আহ্বান জনালে কাজিৰঙাৰ কেইবাটাও উচ্ছেদিত পৰিয়ালে (Kaziranga evicted family appeal to government)।পৰিয়ালকেইটাৰ কাতৰ অনুৰোধ "ক্ষতিপূৰণ প্ৰদান কৰক অন্যথা আমাক মাৰি পেলাওক" ।
উল্লেখ্য যে কাজিৰঙাৰ হালধিবাৰীত ২০১৯ চনতে ৪ টা পৰিয়ালক উচ্ছেদ কৰা হৈছিল । কিন্তু উচ্ছেদৰ ৩ বছৰৰ পাছতো পৰিয়ালকেইটাই আজিলৈ ক্ষতিপূৰণ নাপালে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পঞ্চম সংযোজনত তেওঁলোকৰ ভূমি সন্নিবিষ্ট হ'ল ঠিকেই কিন্তু তাৰ বাবদ তেওঁলোকে লাভ কৰা নাই কোনো ক্ষতিপূৰণ (Evicted families in Kaziranga not getting compensation)।