অসম

assam

ETV Bharat / state

Elephant Safari in Kaziranga : বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত আৰম্ভ হ'ল হাতী ছাফাৰি - কাজিৰঙা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল

দেশী-বিদেশী পৰ্যটকৰ বাবে এটা সুখবৰ । বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত আজিৰে পৰা আৰম্ভ হ’ল হাতী ছাফাৰি । লগতে আজি পৰ্যটকৰ বাবে মুকলি হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূৱৰ দুৱাৰমুখ অগৰাতলি বনাঞ্চলো ৷

Elephant Safari in Kaziranga
আৰম্ভ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰি

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 8:12 PM IST

আৰম্ভ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰি

গোলাঘাট, ১ নৱেম্বৰ :কাজিৰঙাত আজিৰে পৰা আৰম্ভ হৈছে ২০২৩-২৪ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰি । প্ৰত্যক বছৰে পহিলা নৱেম্বৰতহে আৰম্ভ কৰা হয় হাতী ছাফাৰি । আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰাৰ মিহিমুখত বিভাগীয় হাতী চাফাৰি ফিটা কাটি মুকলি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষে ।

হাতী ছাফাৰি মুকলিৰ প্ৰথম দিনতে দেশীয় পৰ্যটকৰ লগতে দেখা গ’ল বিদেশী পৰ্যটকো । প্ৰথম দিনাই হাতীৰ পিঠিত উঠি কাজিৰঙাৰ মনোমোহা দৃশ্য তথা কাষৰ পৰা অসম গৌৰৱ দৰ্শন কৰি পৰ্যটকসকল আনন্দিত হৈ পৰে আৰু নিজৰ নিজৰ অভিজ্ঞতা সাংবাদিকৰ আগত প্ৰকাশ কৰে ।

‘‘হাতীত উঠি পানীৰাম ঘৰলৈ যায়, আলিবাটৰ মানুহে ঘূৰি ঘূৰি চাই ।’’ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইতিহাস আৰম্ভ কৰা কলিকতাৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জনে ১৯০৪ চনত কাজিৰঙাত দুষ্প্ৰাপ্য গঁড় চাবলৈ আহিছিল । তেওঁক হাতীত উঠাই কাজিৰঙাত গঁড় দেখুৱাবলৈ নিছিল নিগনা চিকাৰীয়ে । হাতীত উঠি কাজিৰঙা দৰ্শনৰ এয়া আছিল ইতিহাস ।

মেৰী কাৰ্জনে কিন্তু দেখিবলৈ পোৱা নাছিল এটাও গঁড় । নিগনা চিকাৰীয়ে দেখুৱাব পাৰিছিল মাত্ৰ গঁড়ৰ খোজ । লেডী কাৰ্জনে ঘূৰি গৈ লৰ্ড কাৰ্জনক কেৱল গঁড় সুৰক্ষাৰ বাবেই কাজিৰঙা অৰণ্য সংৰক্ষণৰ আহ্বান জনাইছিল । সেই অনুৰোধৰ বাবেই ১৯০৫ চনৰ ৬ জুনত "কাজিৰঙা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল" ঘোষণাৰ লগে লগে আৰম্ভ হৈছিল সংৰক্ষণৰ ইতিহাস ৷

১১৮ বছৰীয়া ইতিহাস গৰকা কাজিৰঙা এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ । এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি কাজিৰঙাৰ বনৰীয়া হাতীৰ লগতে পোহনীয়া হাতীয়ে লৈ আহিছে গুৰুত্বপূৰ্ণ ভূমিকা । হাতীৰে কাজিৰঙা দৰ্শন এতিয়া পৰ্যটকৰ প্ৰথম পচন্দ ।

ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূৱৰ দুৱাৰমুখ অগৰাতলি বনাঞ্চলো আজি মুকলি হয় পৰ্যটকৰ বাবে । পুৱা ৭ বজাত অগৰাতলিৰ বনাঞ্চলিক বিষয়া, সহকাৰী বন সংৰক্ষকৰ উপস্থিতিত অগৰাতলি জীপ ছাফাৰী সন্থাই প্ৰথমটো যাত্ৰা আৰম্ভ কৰে ।

দেশ-বিদেশৰ প্ৰব্ৰজিত ধৃতৰাজ, মণিয়ৰী, পেলিকান, ঈগল, ব্লেকহেডেট আইবিছ আদি বহু প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত অগৰাতলি বনাঞ্চল ঢেকীয়াপতীয়া বাঘ আৰু দল হৰিণৰ অন্যতম বাসস্থলী । বিগত বৰ্ষত ৰেকৰ্ড সংখ্যক পৰ্যটকে দৰ্শন কৰাৰ বাবে এইবৰ্ষটো অভিলেখ সংখ্যক পৰ্যটকৰ আগমন হ'ব বুলি আশা কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ।

ইফালে আজিৰ দিনটোতে বাগৰি আৰু কঁহৰা বনাঞ্চলত হাতী ছাফাৰী মুকলি কৰাৰ বাবে বহু সংখ্যক পৰ্যটকৰ উৎসাহ দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক :Makum chaina school : অসমৰ একমাত্ৰ চীনা ভাষাৰ বিদ্যালয়খন কেনে আছে ?

ABOUT THE AUTHOR

...view details