অসম

assam

ETV Bharat / state

বান বিধ্বস্ত কাজিৰঙাত পুনৰ এটা পহুৰ মৃত্যু

তীব্ৰবেগী বাহনে মহতিয়ালে এটা হৰিণাক । টাইমকাৰ্ড প্ৰৱৰ্তনৰ পিছতো একাংশ উদণ্ড চালকৰ অতপালিত মৃত্যু এটাৰ পাছত আন এটা বন্যপ্ৰাণীৰ ।

By

Published : Jul 18, 2019, 8:38 AM IST

বান বিধস্ত কাজিৰঙাত পুনৰ এটা পহুৰ মৃত্যু

নগাঁও, ১৮ জুলাই : বানে জুৰুলা কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লগ এৰা নাই বিপদে । ৰাজ্যৰ শেহতীয়া বানত প্ৰায় ৯০ শতাংশ প্লাবিত হোৱা বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীয়ে নিজৰ ৰাস্তা হেৰুৱাই এতিয়া ওখ ঠাই বিচাৰি ঢাপলি মেলিছে কাৰ্বি পাহাৰৰ দিশে । বুধবাৰে নিশা কাজিৰঙাৰ কাঞ্চনজুৰি বাগিচাৰ সমীপত তীব্ৰবেগী বাহনৰ খুন্দাত পুনৰ মৃত্যু হয় এটি হৰিণাৰ । উল্লেখযোগ্য যে, ভয়াৱহ বানৰ বাবে কাজিৰঙাৰ ৰাজপথত প্ৰৱৰ্তন কৰা হৈছিল টাইম কাৰ্ডৰ ব্যৱস্থা তাৰ পাছতো একাংশ উদণ্ড চালকে তীব্ৰ বেগত গাড়ী চলাই ভাবুকি আনিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীলৈ ।

বান বিধস্ত কাজিৰঙাত পুনৰ এটা পহুৰ মৃত্যু

ABOUT THE AUTHOR

...view details