অসম

assam

ETV Bharat / state

লুইতৰ পাৰৰে তুমি ডেকা লʼৰা তুমিয়েতো বুকু পাতি দিলা.... - ২১ সংখ্যক কাৰ্গিল বিজয় দিৱস

কেপ্টেইন জিন্টু গগৈ সমাধিত বন্তি জ্বলাই শ্বহীদ গৰাকীক স্মৰণ কৰে খুমটাইৰ বিধায়ক মৃনাল শইকীয়াৰ লগতে মন্ত্ৰী অতুল বৰাই। কাৰ্গিল বিজয় দিৱস শ্বহীদ জিন্টু গগৈৰ পৰিয়ালৰ লগতে স্থানীয় লোকে নিজৰ সহযোগিতাত অনুষ্ঠিত কৰি অহাৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ মন্ত্ৰী অতুল বৰাই কয় যে এই বিষয়টো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অৱগত কৰিব।

Jintu gogoi special
কাৰ্গিল বিজয় দিবস

By

Published : Jul 26, 2020, 9:53 PM IST

গোলাঘাট, 26 জুলাইঃ আজি ২১ সংখ্যক কাৰ্গিল বিজয় দিৱস। ২৬ জুলাই দিনটো দেশৰ বিভিন্ন ঠাইৰ লগতে গোলাঘাট জিলাৰ খুমটাইতো কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হয়। কাৰ্গিল শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ গৃহ গাওঁ খুমটাইত পৰিয়াল আৰু জাছিংফা লেখিকা সমাৰোহ সমিতিৰ সহযোগত এই বিজয় দিৱস উদযাপন কৰা হয়। উল্লেখ্য যে আজিৰ পৰা ২১ বছৰ পূৰ্বেই কাৰ্গিল যুদ্ধত পাকিস্তান সেনাৰ সৈতে যুঁজ দি প্ৰাণ আহুতি দিছিল খুমটাইৰ কেপ্তেইন জিন্টু গগৈয়ে।

আজি ২১ সংখ্যক কাৰ্গিল বিজয় দিৱস

১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত পাকিস্তানী সেনাক পৰাভূত কৰি ভাৰতীয় সেনাই কাৰ্গিলৰ উচ্চ শিখৰত বিজয় ধ্বজা উৰুৱাইছিল। সেইসময়ৰ পৰাই ভাৰতত ২৬ জুলাই তাৰিখটো কাৰ্গিল বিজয় দিৱস হিচাপে উদযাপন কৰি আহিছে। পৰিতাপৰ বিষয় যে দেশৰ বাবে জীৱন আহুতি দিয়া বীৰ শ্বহীদ জনক প্ৰথম দুবছৰ মান চৰকাৰীভাৱে সোঁৱৰণ কৰে যদিও বৰ্তমান সময়ত পাহৰি পেলালে প্ৰশাসন তথা চৰকাৰে। ২০১৯ বৰ্ষত গোলাঘাটৰ তেতিয়াৰ উপায়ুক্ত ধীৰেন হাজৰিকাই কেপ্টেইন জিন্টু গগৈৰ সমাধিস্থলীত উপস্থিত হৈ ২০২০ বৰ্ষত গোলাঘাট প্ৰশাসনে কাৰ্গিল বিজয় দিৱস উদযাপন কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু বৰ্তমান উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে এই ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে।

জাছিংফা লেখিকা সমাৰোহ সমিতি

লগতে পঢ়কঃকুণ্ডিল নদীৰ বাঢ়নী পানীত তীব্ৰ খহনীয়া 37 নং ৰাষ্ট্ৰীয় ঘাইপথত

প্ৰশাসনৰ কোনো এজন বিষয়া উপস্থিত নহ'ল চৰকাৰীভাৱে ঘোষণা কৰা ঐতিহাসিক এই কাৰ্গিল বিজয় দিৱসত। জিন্টু গগৈৰ পৰিয়াল আৰু স্থানীয় জাছিংফা লেখিকা সমাৰোহ সমিতিৰ সহযোগত দেওবাৰে পুৱা জিন্টু গগৈ সমাধিত শ্বহীদ পিতৃ তথা অৱসৰ প্ৰাপ্ত বায়ু সেনা বিষয়া ঠগিৰাম গগৈয়ে পতাকা উত্তোলন কৰাৰ পিছতেই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে উপস্থিত থকা ৰাইজে। জয়া গগৈ মহাবিদ্যালয়ৰ অধ্যক্ষ শুভাৰাণি বৰকটকী শৰ্মাই জিন্টু গগৈৰ সমাধিত বন্তি প্ৰজ্বলন কৰাৰ পিছতেই পিতৃ মাতৃৰ লগতে জাছিংফা লেখিকা সমাৰোহ সমিতিৰ সদস্য সকলে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শ্বহীদগৰাকীক।

শ্বহীদৰ পুত্ৰৰ সোঁৱৰণত পিতৃৰ পতাকা উত্তোলন

কাৰ্গিলত বীৰদৰ্পে শ্বহীদ হোৱা ৫২৩ গৰাকী শ্বহীদকো স্মৰণ কৰে অনুষ্টূপীয়াকৈ অনুষ্ঠিত কৰা উক্ত কাৰ্গিল বিজয় দিৱসত। ইয়াৰ উপৰিও কেপ্টেইন জিন্টু গগৈ সমাধিত বন্তি জ্বলাই শ্বহীদ গৰাকীক স্মৰণ কৰে খুমটাইৰ বিধায়ক মৃনাল শইকীয়াৰ লগতে মন্ত্ৰী অতুল বৰাই। কাৰ্গিল বিজয় দিৱস শ্বহীদ জিন্টু গগৈৰ পৰিয়ালৰ লগতে স্থানীয় লোকে নিজৰ সহযোগিতাত অনুষ্ঠিত কৰি অহাৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ মন্ত্ৰী অতুল বৰাই কয় যে এই বিষয়টো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অৱগত কৰিব।

শ্বহীদ কেপ্তেইন জিন্টু গগৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন অতুল বৰাৰ

21 বছৰ পূৰ্বে কাৰ্গিলৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে জয় লাভ কৰিছিল ভাৰতবৰ্ষই। তেতিয়াৰে পৰা এই বিশেষ দিনটোক ‘কাৰ্গিল বিজয় দিৱস’ হিচাপে পালন কৰা হয়। দেশমাতৃক ৰক্ষা কৰা এই যুঁজখনত কেবাজনো জোৱানে বীৰগতি প্ৰাপ্ত কৰে ৷ সাহসেৰে যুঁজ দি শ্বহীদ হোৱা গোলাঘাটৰ খুমটাইৰ বীৰগৰাকীক লৈ গৌৰৱান্বিত প্ৰতিগৰাকী অসমীয়া ৷

আজি ২১ সংখ্যক কাৰ্গিল বিজয় দিৱস

ABOUT THE AUTHOR

...view details