ননৈ চাহ বাগিচাত কৰম পূজা উদযাপন - ৷ কলিয়াবৰৰ ননৈ চাহ বাগিচাত কৰম পূজা
কলিয়াবৰৰ ননৈ চাহ বাগিচাত কৰম পূজা উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন
ননৈ চাহ বাগিচাত কৰম পূজা উদযাপন
কলিয়াবৰ, 15 ছেপ্তেম্বৰ : অসমৰ চাহ বাগিছা সমূহত এতিয়া কৰম পূজাৰ বতৰ ৷ সকলোতে উখল মাখল পৰিৱেশ ৷ কলিয়াবৰৰ ননৈ চাহ বাগিচাত কৰম পূজাৰ বিশেষ কাৰ্যসূচী ৷ শণিবাৰে কৰম পূজাৰ কাৰ্যসূচীৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগে । মুখ্যতঃ গাভৰুসকলে আগভাগ লোৱা কৰম পূজাৰ "জাৱা জগোৱা" নামৰ অনুষ্ঠানটোৰে আৰম্ভ হয় কৰম পূজাৰ কাৰ্যসূচী । ঝুমুৰৰ তালে-তালে ডেকা-গাভৰুৰ নৃত্যৰ আনন্দ উপভোগ কৰে উপস্থিত সহস্ৰজনে ।