সৰুপথাৰ, 14 অক্টোবৰ: মাধ্যম আন্দোলনৰ শ্বহীদ বলিন ৰাজখোৱা, অসম আন্দোলনৰ শ্বহীদ অনিল বৰা, মানিক ডেকা আৰু দেৱেশ্বৰ বৰাৰ সোঁৱৰণত ধনশিৰি মহকুমাৰ নাওজানত শনিবাৰে অনুষ্ঠিত হয় 'জ্যোতি সংগীত' প্ৰতিযোগিতা । ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ আহ্বানত আৰু ওজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিযোগিতাখন অনুষ্ঠিত হয় ৷
প্ৰতিযোগিতাখনৰ উদ্দেশ্য আছিল অসমীয়া ভাষাৰ মাধ্যমটো জীয়াই ৰখাৰ উপৰিও অসম আৰু অসমীয়া ভাষাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ ত্যাগৰ বিষয়ে নৱ প্ৰজন্মৰ মাজত প্ৰচাৰ কৰা ৷ উল্লেখযোগ্য যে অসমৰ জাতীয় জীৱনৰ লগতে অসমীয় মাধ্যমটো জীয়াই ৰখাৰ স্বাৰ্থত; মাধ্যম আন্দোলনৰ শ্বহীদ বলিন ৰাজখোৱা, অসম আন্দোলনৰ শ্বহীদ অনিল বৰা, মানিক ডেকা, দেৱেশ্বৰ বৰাৰ দৰে ব্যক্তিয়ে নিজৰ জীৱন আহুতি দিছিল । সেই শ্বহীদসকলৰ সোঁৱৰণিত শনিবাৰে নাওজান ৰাজহুৱা ভৱনত অনুষ্ঠিত হয় জ্যোতি সংগীত প্ৰতিযোগিতাখন ।