অসম

assam

ETV Bharat / state

Sahitya Sanskriti sadhani award 2023 : সাংবাদিক বিকাশ শৰ্মালৈ সাহিত্য-সংস্কৃতি সাধনা বঁটা

সাংবাদিক বিকাশ শৰ্মালৈ সাহিত্য-সংস্কৃতি সাধনা বঁটা প্ৰদান । গোলাঘাটৰ বিশিষ্ট সাংবাদিক, শিশু সাহিত্যিক বিকাশ শৰ্মালৈ 2023 বৰ্ষৰ সাহিত্য সংস্কৃতি সাধনা বঁটা প্ৰদান কৰা হয় (Journalist Bikash Sharma goes to Sahitya Sanskriti sadhani award 2023) ।

Journalist Bikash Sharma goes to Sahitya Sanskriti sadhani award 2023
2023 বৰ্ষৰ সাহিত্য সাংস্কৃতি সাধনা বঁটা প্ৰদান

By

Published : Mar 12, 2023, 8:38 PM IST

2023 বৰ্ষৰ সাহিত্য সংস্কৃতি সাধনা বঁটা

গোলাঘাট, 12 মাৰ্চ :গোলাঘাটৰ বিশিষ্ট সাংবাদিক, শিশু সাহিত্যিক বিকাশ শৰ্মালৈ আগবঢ়োৱা হয় 2023 বৰ্ষৰ সাহিত্য সংস্কৃতি সাধনা বঁটা (Sahitya Sanskriti sadhani award 2023) ৷ দেওবাৰে গোলাঘাট গ্ৰামোন্নয়ন অভিকৰণ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত সাংবাদিক বিকাশ শৰ্মাক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে মাজুলী দক্ষিণপাট গৃহস্বামী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জৰ্নাদন দেৱ গোস্বামীয়ে (Journalist Bikash Sharma)৷

উক্ত বঁটা বিতৰণি সভাখন উদ্বোধন কৰে নাগালেণ্ডৰ গ্ল’বেল অপেন ইনিভাৰচিটিৰ উপাচাৰ্য ড৹ হেমেন্দ্ৰ নাথ দত্তই ৷ এই সভাৰ সভাপতিত্ব কৰে সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ সভাপতি বিশিষ্ট লেখক অমল চন্দ্ৰ কোঁৱৰে ৷ লগতে এই সভাখনৰ আঁতধৰে যুটীয়া সম্পাদক ৰমেন বৰা আৰু যতীন কুৰ্মীয়ে ।

এই অনুষ্ঠানতে ভাষণ প্ৰসংগত সত্ৰাধিকাৰ শ্ৰীশ্ৰীগোস্বামীয়ে কয়, ‘‘এই বঁটাৰ বাবে যোগ্য গোলাঘাটৰ বিশিষ্ট সাংবাদিক, শিশু সাহিত্যিক বিকাশ শৰ্মা ৷ গোলাঘাটৰ সাহিত্য সাংস্কৃতি বিকাশ মঞ্চই প্ৰদান কৰা এই বঁটাই বিকাশ শৰ্মাক জীৱনত আগবঢ়ি যোৱাত যথেষ্ট উৎসাহিত কৰিব । আজি বিকাশ শৰ্মাক এই বঁটা প্ৰদান কৰিবলৈ পায় মই যথেষ্ট আনন্দিত হৈছো’’ ।

আনফালে, উক্ত সভাৰ উদ্বোধক উপাচাৰ্য ড৹ দত্তই কয়, ‘‘যি কোনো ব্যক্তিয়েই কিবা বঁটা পালে জীৱনত আগবাঢ়ি যোৱাত উৎসাহ পায় । আজি বিকাশ শৰ্মাক এই বঁটা প্ৰদান কৰাত তেখেতে নিজৰ কামত আৰু আগুৱাই যোৱাত বহু সহায়ক হ’ব’’ । ইফালে এই সভাতে সাংবাদিক তথা পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামী উপস্থিত থাকি সাংবাদিক বিকাশ শৰ্মাৰ সাংবাদিকতাৰ জীৱনত ঘটা ঘটনা বহু ঘটনাৰ বিৱৰণিও দাঙি ধৰে ।

উল্লেখ্য যে, দেওবাৰে আয়োজিত এই সভাত প্ৰাক্তন অধ্যাপক তথা বোলছবি পৰিচালক দীনেশ গগৈ, মেলামৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তিলেশ্বৰ তামুলী, ফৰকাটিক কলেজৰ অধ্যক্ষ ড৹ অপূৰ্ব শইকীয়া, সমাজ কৰ্মী ৰাজশ্ৰী বৰা আদিকে ধৰি কেইবাগৰাকীয়ও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।

লগতে পঢ়ক :ENNG cadre surrendered: কণ্টকাকীৰ্ণ পথ এৰি মূল সুঁতিলৈ উভতিল ENNGৰ 15 কেডাৰ

ABOUT THE AUTHOR

...view details