অসম

assam

ETV Bharat / state

Municipal Election 2022: ৰাজনীতিৰ পথাৰত জীতেন গগৈ তনয়ৰ প্ৰথম খোজ - Jitin Gogoi's son Mandeep Gogoi's first step in the political field

ৰাজনৈতিক পথাৰত প্ৰথম খোজ দিলে জিতেন গগৈ তনয় মনদ্বীপ গগৈয়ে (Jitin Gogoi's son Mandeep Gogoi's first step in the political field) ৷ ৰাজনীতিৰ সমান্তৰালকৈ অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবেও মনদ্বীপে চলাই আছে প্ৰস্তুতি ৷

Municipal Election 2022
ৰাজনীতিৰ পথাৰত জীতেন গগৈ তনয়ৰ প্ৰথম খোজ

By

Published : Feb 19, 2022, 4:40 PM IST

বোকাখাত, 19 ফেব্ৰুৱাৰী: বোকাখাতৰ প্ৰাক্তন বিধায়ক তথা কাজিৰঙাৰ ৰজাখ্যাত জিতেন গগৈৰ পুত্ৰ মনদ্বীপ গগৈ নামিছে পৌৰসভা নিৰ্বাচনত (Jitin Gogoi's son Mandeep Gogoi's first step in the political field)। ২০০১ চনৰ ৰ পৰা ২০১০ চনলৈকে ১০ বছৰ কাল বোকাখাতৰ বিধায়কৰ আসনত থকা জিতেন গগৈয়ে পৰৱৰ্তী সময়ত ৰাজনীতিত বিফলতা লভাৰ পিছত নিজৰ কনিষ্ঠ পুত্ৰক ২০২২ৰ পৌৰসভা নিৰ্বাচনৰ পাৰ্থী হিচাপে আগবঢ়াইছে (First step in political field through municipal election) । বোকাখাতবাসীৰ ঘৰে ঘৰে গৈ প্ৰতিজনৰ লগত চিনাকি হোৱাৰ লগতে ভোটভিক্ষা কৰাৰ উপদেশ নিজ পুত্ৰক ।

ৰাজনীতিৰ পথাৰত জীতেন গগৈ তনয়ৰ প্ৰথম খোজ

পুত্ৰক নিৰ্বাচনী বৈতৰণী পাৰ কৰোৱাৰ বাবে উঠিপৰি লাগিছে জিতেন গগৈৰ সহধৰ্মিণী তথা মনদ্বীপৰ মাতৃ অনিমা গগৈয়ে । উচ্চশিক্ষিত পুত্ৰক নিৰ্বাচনত প্ৰতিদ্বন্দ্বী হিচাপে নমাই গৌৰৱবোধ কৰাৰ লগতে শিক্ষিত নৱপ্ৰজন্মইহে ৰাজনীতিত সঠিক পথৰ সূচনা কৰিব পাৰিব বুলি দাবী কৰে গগৈয়ে ৷ বোকাখাত পৌৰসভাৰ ১০ খন আসনৰ ৯ নম্বৰ ৱাৰ্ডৰ পৰা জিতেন গগৈৰ পুত্ৰ মনদ্বীপ গগৈয়ে কংগ্ৰেছ দলৰ পৰোক্ষ সমৰ্থনত নিৰ্দলীয়ভাৱে প্ৰাৰ্থীত্ব আগবঢ়াইছে ।

ৰাইজৰ সমৰ্থনত, ৰাইজৰ ভোটেৰে ৯ নং ৱাৰ্ডত জয়লাভ কৰিব বুলি মত পোষণ কৰে মনদ্বীপ গগৈয়ে । আগন্তক ৬ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া পৌৰসভা নিৰ্বাচনত সফলতা লাভ কৰি মনদ্বীপে পিতৃৰ উত্তৰসুৰী হ'ব পাৰিবনে মনদ্বীপ, সেয়া লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক:টিকটৰ নামত বিজেপিৰ জিলা পৰ্যায়ৰ নেতাৰ ধন সংগ্ৰহ: শিলাদিত্য দেবৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details