গোলাঘাট, 12 জুলাই :কৰ'ণাৰ সংক্ৰমণৰ সমান্তৰালকৈ এইবাৰ গোলাঘাটত দেখা দিছে জাপানীজ এনকেফেলাইটিছ ৰোগে ৷ কৰ'ণা মহামাৰীৰ এই জটিল সন্ধিক্ষণত দেখা দিয়া আন ৰোগে চিন্তিত কৰিছে গোলাঘাটবাসীক ৷ বৰ্তমান গোলাঘাট জিলাৰ বিভিন্ন স্থানত প্ৰাদুৰ্ভাৱ হৈছে জাপানীজ এনকেফেলাইটিছৰ ৷ আক্ৰান্ত লোকসকলৰ মাজৰ এগৰাকীয়ে ইতিমধ্যে মৃত্যুক সাৱটি লৈছে বুলি জানিবলৈ দিয়ে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সুৰেন্দ্ৰনাথ তামুলীয়ে ৷
কৰ'ণাৰ সমান্তৰালকৈ গোলাঘাটত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ - Japanese encephalitis
কৰ'ণা মহামাৰীৰ এই জটিল সন্ধিক্ষণত এইবাৰ গোলাঘাটত প্ৰাদুৰ্ভাৱ হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ ৷ ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে এটি 7 বছৰীয়া কণমানিয়ে ৷
![কৰ'ণাৰ সমান্তৰালকৈ গোলাঘাটত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7997132-thumbnail-3x2-kk.jpg)
বৰ্তমান এই ৰোগত 6 গৰাকীকৈ লোক আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ৷ কিয়নো এই পৰ্যন্ত আহি পোৱা নাই তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল ৷ এই ৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছিল 8 গৰাকী লোকক ৷ তাৰে এগৰাকীয়ে ইতিমধ্যে মৃত্যুক সাৱটি লোৱাৰ বিপৰীতে এগৰাকীৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছৰ অৱস্থিতি ৷ আটাইকেইগৰাকী লোক সম্প্ৰতি অসামৰিক চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে ৷ আনহাতে, এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে উৰিয়ামঘাটৰ এটি সাত বছৰীয়া কণমানি ৷ উল্লেখ্য যে, চিকিৎসালয়খনত থকা পৰীক্ষাগাৰৰ লোকগৰাকী কোনো প্ৰশিক্ষণৰ বাবে যোৱাৰ ফলত আন কেইগৰাকী লোকৰ ফলাফল এতিয়ালৈ পোৱা নাই বুলি উল্লেখ কৰে অধীক্ষকগৰাকীয়ে ৷ ইতিমধ্যে তেওঁলোক আহি পোৱা বুলি জানিবলৈ দিয়াৰ লগতে সোমবাৰৰ ভিতৰত সন্দেহজনক আক্ৰান্ত লোককেইগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল জানিব পৰা যাব বুলি উল্লেখ কৰে অধীক্ষক সুৰেন্দ্ৰনাথ তামুলীয়ে ৷
লগতে পঢ়ক :সমষ্টি পুনৰ নিৰ্দ্ধাৰণঃ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক উচ্চতম ন্যায়ালয়ৰ জাননী