গোলাঘাট, 2 ছেপ্তেম্বৰঃগোলাঘাটত এন আৰ চিৰ চূড়ান্ত তালিকাত বাদ পৰা লোকসকলৰ সহায়ৰ বাবে ওলাই আহিল ঐক্যসেনা অসম আৰু জমিয়ৎ উলেমা ৷ এন আৰ চিৰ পৰা নাম বাদ পৰা প্ৰকৃত ভাৰতীয়ৰ কাষত থিয় দিব ঐক্য সেনা অসম আৰু দেৰগাওঁ জমিয়ৎ উলেমা হিন্দ ৷
এন আৰ চিৰ পৰা বাদ পৰা লোকসকলক সহায় কৰিব ঐক্য সেনা অসমে - আইনী সহায়
এন আৰ চিৰ পৰা নাম বাদ পৰা খিলঞ্জীয়া লোকসকলক আইনী সহায় আগবঢ়াব ঐক্য সেনা অসমে ৷

সহায়ৰ বাবে উলাই আহিল এক্যসেনা
সহায়ৰ বাবে উলাই আহিল এক্যসেনা
দেৰগাঁৱৰ এটা NRC কেন্দ্ৰত উপস্থিত হৈ সংগঠন দুটাই এই ঘোষণা কৰে ৷ ইয়াৰোপৰিও তেওঁলোকে কয় যে তেওঁলোকে এন আৰ চিৰ পৰা নাম বাদ পৰা খিলঞ্জীয়া সকলক আইনী সহায় আগবঢ়াব ৷ ইপিনে দেৰগাঁও জমিয়ৎ উলেমাৰ সভাপতি আলহাজ ৰাজুমনি হুছেইন আৰু ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সম্পাদক জিয়াউদ্দিন আহমেদে সংবাদ মাধ্যমৰ আগত সাধাৰণ ৰাইজলৈ আহ্বান জনাই যে এন আৰ চিত নাম বাদ পৰা লোক সকল শংকিত হ'ব নালাগে ৷
Last Updated : Sep 9, 2019, 2:33 PM IST