অসম

assam

ETV Bharat / state

গোলাঘাটত এজাক বৰষুণতে চপৰা চপৰে খহিছে মথাউৰি

মথাউৰিটোৰ কাম শেষ নহঁওতেই দুই এজাক বৰষুণততে চপৰা চপৰে খহিছে মথাউৰিটো । বানপানীৰ সময় চমু চাপি অহাৰ বাবে এতিয়া পুনৰ বানৰ কৱলত পৰাৰ আশংকাত আতংকিত হৈ পৰিছে অঞ্চলবাসী । নিকৰিবাসীৰ আহ্বান চৰকাৰ প্ৰশাসনে অতি শীঘ্ৰে এই মথাউৰিটোৰ নিৰ্মান কাৰ্য্য সম্পন্ন কৰক ।

গোলাঘাটত এজাক বৰষুণতে চপৰা চপৰে খহিছে মথাউৰি

By

Published : May 11, 2019, 2:31 PM IST

নুমলীগড়, 11 মে' : ৰাজ্যত বানপানীৰ সময় সমাগত । গোলাঘাটৰ নুমলীগড় এজাক বৰষুণে খহাই নিছে কোটিটকীয়া বান্ধ । বানৰ আশংকাত ভুগিছে সাধাৰণ ৰাইজ ৷

গোলাঘাটত এজাক বৰষুণতে চপৰা চপৰে খহিছে মথাউৰি

নুমলীগড় কাষৰীয়া বোকাখাট সমষ্টিৰ অন্তৰ্গত বান বিধস্ত নিকৰি অঞ্চলৰ । বিগত বছৰটোত গেলাবিল নৈ আৰু নিপকোৰ বানে দুৰ্যোগ নমাই আনিছিল অঞ্চলটোলৈ । প্ৰত্যেক বছৰে এই অঞ্চলটোত গেলাবিল আৰু ধনশিৰি নৈৰ বাঢ়নি পানীয়ে চলাই আহিছে তাণ্ডৱ । ৰাইজৰ কাকূতি মিনতিত জলসম্পদ বিভাগে গেলাবিল নৈৰ পাৰত এটা মথাউৰি নিৰ্মাণ কৰিলেও অতি লেহেমীয়া গতিত মথাউৰি নিৰ্মাণৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ মথাউৰিটোৰ কাম শেষ নহঁওতেই দুই এজাক বৰষুণততে চপৰা চপৰে খহিছে মথাউৰিটো । বানপানীৰ সময় চমু চাপি অহাৰ বাবে এতিয়া পুনৰ বানৰ কৱলত পৰাৰ আশংকাত আতংকিত হৈ পৰিছে অঞ্চলবাসী । নিকৰিবাসীৰ আহ্বান চৰকাৰ প্ৰশাসনে অতি শীৰ্ঘে এই মথাউৰিটোৰ নিৰ্মান কাৰ্য্য সম্পন্ন কৰক ।

ABOUT THE AUTHOR

...view details