অসম

assam

আন্তর্জাতিক ড্ৰাগছ মুক্ত দিৱস উপলক্ষে বোকাখাত মহকুমা আৰক্ষীৰ চাইকেল ৰেলী

আজি আন্তর্জাতিক ড্ৰাগছ মুক্ত দিৱস । অসম আৰক্ষীয়েও ড্ৰাগছমুক্ত অসম গঢ়াৰ উদ্দেশ্যে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । ইয়াৰ মাজতে দেওবাৰে আন্তর্জাতিক ড্ৰাগছ মুক্ত দিৱস উপলক্ষে বোকাখাত  মহকুমা আৰক্ষী প্ৰশাসনেও উলিয়াই এক চাইকেল ৰেলী(Awareness cycle rally in Bokakhat) ।

By

Published : Jun 26, 2022, 2:22 PM IST

Published : Jun 26, 2022, 2:22 PM IST

ETV Bharat / state

আন্তর্জাতিক ড্ৰাগছ মুক্ত দিৱস উপলক্ষে বোকাখাত মহকুমা আৰক্ষীৰ চাইকেল ৰেলী

international drug free day at bokakhat
আন্তর্জাতিক ড্ৰাগছ মুক্ত দিৱস উপলক্ষে বোকাখাত মহকুমা আৰক্ষীৰ চাইকেল ৰেলী

বোকাখাত,২৬ জুন:আজি আন্তর্জাতিক ড্ৰাগছ মুক্ত দিৱস । ড্ৰাগছ মুক্ত দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰিছে বিভিন্ন কাৰ্যসূচীৰ । সমান্তৰালভাৱে বোকাখাত মহকুমাতো আয়োজন কৰা হৈছে ড্ৰাগছৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ উলিয়াই এক বৃহৎ চাইকেল ৰেলীবৃহৎ চাইকেল ৰেলী(Awareness cycle rally in Bokakhat) ।

ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এই চাইকেল ৰেলী উলিওৱা হয় বুলি বোকাখাত মহকুমা আৰক্ষী বিষয়াই জানিবলৈ দিয়ে । নৱপ্ৰজন্মক এই বৰবিহৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনাই আৰক্ষী বিষয়াগৰাকীয়ে । বিভিন্ন সজাগতামূলক শ্লোগান লিখি প্লে-কাৰ্ড লৈ এই ৰেলীত অংশগ্ৰহণ কৰে বোকাখাত মহকুমা আৰক্ষীৰ লগতে বিভিন্নজন লোকে ।

আন্তর্জাতিক ড্ৰাগছ মুক্ত দিৱস উপলক্ষে বোকাখাত মহকুমা আৰক্ষীৰ চাইকেল ৰেলী

বোকাখাতৰ কেইবাটাও সংগঠনৰ সহযোগত আৰক্ষীয়ে বোকাখাত নগৰৰ পৰা নাহৰজান,ধপলীয়া,যোগীগাওঁ,বালিজান হৈ আহি আৰক্ষী থানাত সামৰণি মাৰে এই ৰেলী । কিনকিনীয়া বৰষুণত তিতি তিতি আৰক্ষী আৰু অসামৰিক লোকে অংশগ্ৰহণ কৰা এই চাইকেল ৰেলীয়ে দৃষ্টি আকৰ্ষণ কৰে বোকাখতীয়া ৰাইজৰ ।

লগতে পঢ়ক:ভক্তৰ বাবে মুকলি কামাখ্যা মন্দিৰৰ মুখ্য দুৱাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details