অসম

assam

ETV Bharat / state

আজি আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু সৰবৰাহ বিৰোধী দিৱস

সমগ্ৰ বিশ্বজুৰি পালন আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু সৰবৰাহ বিৰোধী দিৱস ৷ সৰুপথাৰ আৰু বৰপথাৰত আৰক্ষীৰ বিশেষ পদক্ষেপ গ্ৰহণ ৷

আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু সৰবৰাহ বিৰোধী দিৱস

By

Published : Jun 26, 2019, 4:49 PM IST

সৰুপথাৰ,26 জুন: সমগ্ৰ বিশ্বজুৰি আজি পালন কৰা হৈছে আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু সৰবৰাহ বিৰোধী দিৱস ৷ এই দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে ধনশিৰি মহকুমা আৰক্ষী প্ৰশাসনে সৰুপথাৰ আৰু বৰপথাৰত পৃথকে পৃথকে পালন কৰে এই দিৱস ৷ আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু সৰবৰাহ বিৰোধী দিৱস উপলক্ষে পুৱা সৰুপথাৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী এক শোভাযাত্ৰা উলিওৱাৰ লগতে সৰুপথাৰ মহাবিদ্যালয়ত এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ হয় ৷ এই সমদলত সৰুপথাৰ আৰক্ষীক সহযোগ আগবঢ়ায় মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী,স্থানীয় সচেতন ৰাইজ,বিভিন্ন সংগঠন,গাঁওৰক্ষী বাহিনীৰ লোকে ৷ অন্যহাতে বৰপথাৰ নগৰতো বৰপথাৰ আৰক্ষী থানা আৰু স্থানীয় কেইবাটাও ছাত্ৰ সংগঠনৰ উদ্যোগত ড্ৰাগছ বিৰোধী সমদল উলিওৱাৰ লগতে সজাগতামূলক শোভাযাত্ৰা আৰু সভাৰে ৰাইজক সজাগ কৰাৰ প্ৰচেষ্টা হাতত লয় সৰুপথাৰ আৰু বৰপথাৰ আৰক্ষীয়ে ৷

আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী সেৱন আৰু সৰবৰাহ বিৰোধী দিৱস

ABOUT THE AUTHOR

...view details