গোলাঘাট, 29 আগষ্টঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমটো আন্দোলন চিপাহী বিদ্ৰোহ । এই বিদ্ৰোহে ভাৰতৰ জনগণৰ মাজত স্বাধীনতাৰ এক বীজ সিঁচৰতি কৰিছিল। চিপাহী বিদ্ৰোহে স্বাধীনতা আন্দোলনৰ শক্তি যোগান ধৰি ভাৰতৰ জনতাক ৰাজপথলৈ উলিয়াই আনিছিল। কিন্তু আজি সেই মহান শ্বহীদক অপমান কৰা পৰিলক্ষিত হৈছে ।
লগতে পঢ়কঃ পদপথৰ মানসিক ৰোগীক চিকিৎসা প্ৰদানৰ ব্যৱস্থা দুলীয়াজানৰ যুৱকৰ
দৰাচলতে জানিব পৰা মতে, 15 আগষ্টৰ দিনা এবাৰলৈয়ো স্মৰণ কৰা নহ'ল শ্বহীদসকলক ৷ চিপাহী বিদ্ৰোহত শ্বহীদ হোৱা সকলক পাহৰি পেলালে চৰকাৰ তথা প্ৰশাসনে । চিপাহী বিদ্ৰোহৰ ইতিহাসে ৰিঙিয়াই থকা গোলাঘাট জিলা ঐতিহাসিক নোগোৰা চকীয়ালটিঙত ব্ৰিটিছৰ বিৰুদ্ধে ৰণ কৰি কেইবাজনো বীৰ শ্বহীদ হৈছিল । তাৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ বাবে চৰকাৰে নিৰ্মাণ কৰিছিল দুটাকৈ স্মৃতি সৌধ । কংগ্ৰেছৰ চৰকাৰৰ দিনত কেইবা লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা উক্ত স্মৃতিসৌধ দুটা বৰ্তমান এৰাবাৰীত পৰিণত হৈছে ।
চিপাহী বিদ্ৰোহৰ বীৰ শ্বহীদৰ স্মৃতি সৌধত সুৰা বটল উল্লেখ্য যে, নোগোৰা চকীয়ালটিঙৰ কালুজন প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত থকা স্মৃতি সৌধটো হাবি জংঘলৰে ভৰি থকাৰ লগতে সাপ, নেউলৰ আবাসস্থলীত পৰিণত হৈছে । মদৰ বটল, কাগজৰ টুকুৰা আদি পৰি থকা দৃশ্যই প্ৰকৃতাৰ্থত বীৰ শ্বহীদক অপমান কৰা বুজাইছে । তদুপৰি বীৰ শ্বহীদ সকলৰ স্মৃতি সোঁৱৰিব বাবে চৰকাৰীভাৱে নিদিষ্ট দিনত কাৰ্যসূচী ল'ব লাগে যদিও আজিলৈকে তেনেধৰণৰ কোনো কাৰ্যসূচী লোৱা পৰিলক্ষিত নহ'ল।
লগতে পঢ়কঃটাইপাৰ মোমাই তামুলী বৰবৰুৱা বঁটা ঘোষণা
চিপাহী বিদ্ৰোহৰ বীৰ শ্বহীদৰ স্মৃতি সৌধত সুৰা বটল সেয়ে স্থানীয় ৰাইজে চৰকাৰীভাৱে এই দিৱস উদযাপন কৰিবলৈ দাবী জনাইছে । আনহাতে নোগোৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত অৱস্থিত স্মৃতি সৌধটোত ১৫ আগষ্ট আৰু চিপাহী বিদ্ৰোহৰ লগত সংগতি ৰখা দিনটো এগচি বন্তিও প্ৰজ্বলন নহয় বুলি অভিযোগ কৰে ৰাইজে । ইমানেই নহয়, উক্ত স্মৃতি সৌধটোৰ সন্মুখ ভাগ খহি পৰিছে যদিও আজি পৰ্যন্ত মেৰামতি নোহোৱা বুলি অভিযোগ কৰিছে ৰাইজে ।