মুকলি হ'ল ডাঃ ৰবীন বেনাৰ্জী সংগ্ৰহালয় - ডাঃ ৰবীন বেনাৰ্জী সংগ্ৰহালয়
ডাঃ ৰবীন বেনাৰ্জী ট্ৰাষ্টে পূৰ্ণ ৰূপ দিলে সংগ্ৰহালয়টোক
ডাঃ ৰবীন বেনাৰ্জী সংগ্ৰহালয়ৰ মুকলি
গোলাঘাট, ৩ মাৰ্চ : গোলাঘাটত শনিবাৰে সন্ধিয়া মুকলি কৰা হয় প্ৰকৃতিবিদ পদ্মশ্ৰী ডাঃ ৰবীন বেনাৰ্জী সংগ্ৰহালয় । ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ডঃ ৰবি কোট্ৰাই মুকলি কৰে এই সংগ্ৰহালয়টো । দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰা বেনাৰ্জীৰ এই সংগ্ৰহালয়টোক পূৰ্ণতাৰ ৰূপ দি শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে ডাঃ ৰবীন বেণাৰ্জী ট্ৰাষ্টে । উক্ত অনুষ্ঠানত অৰণ্য মানৱ যাদৱ পায়েং ,প্ৰকৃতিপ্ৰেমী তথা সাংবাদিক মুবিনা আখটাৰ , গোলাঘাট জিলা উপায়ুক্ত ধীৰেণ হাজৰিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।