অসম

assam

ETV Bharat / state

ধন হৰলুকি কৰি গ্ৰেপ্তাৰ গোলাঘাট ইণ্ডিয়ান বেংকৰ সহকাৰী প্ৰৱন্ধক! - ইণ্ডিয়ান বেংক গোলাঘাট শাখা

ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ইণ্ডিয়ান বেংক গোলাঘাট শাখাৰ সহকাৰী প্ৰৱন্ধক হিমাংশু দিহিঙীয়া ৷ 2016 চনৰ পৰা 2019 চনলৈ প্ৰায় ১ কোটি ৩৭ কোটি টকাৰ হৰলুকি কৰাৰ অভিযোগ হিমাংশু দিহিঙীয়াৰ বিৰুদ্ধে ৷ 14 দিনলৈ আৰক্ষীৰ জিন্মাত হিমাংশু দিহিঙীয়া ৷

হিমাংশু দিহিঙীয়া

By

Published : Nov 4, 2019, 9:47 AM IST

গোলাঘাট,4 অক্টোবৰঃ গোলাঘাটতত ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰইণ্ডিয়ান বেংক গোলাঘাট শাখাৰ সহকাৰী প্ৰৱন্ধক হিমাংশু দিহিঙীয়া ৷ 2016 চনৰ পৰা 2019 চনলৈ প্ৰায় ১ কোটি ৩৭ লাখ টকাৰ হৰলুকি কৰাৰ অভিযোগ হিমাংশু দিহিঙীয়াৰ বিৰুদ্ধে ৷

গ্ৰেপ্তাৰ গোলাঘাট ইণ্ডিয়ান বেংকৰ সহকাৰী প্ৰৱন্ধক

ইপিনে,ধন আত্মসাতৰ তথ্য পোহৰলৈ অহাৰ পাচতেই হিমাংশু দিহিঙীয়াৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল শাখা পৰিচালক যুগল দলৈয়ে ৷ বেংক শাখা পৰিচালকগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ডিব্ৰুগড়ৰ চাবুৱাৰ পৰা গ্ৰেপ্তাৰ কৰে হিমাংশু দিহিঙীয়াক ৷ গোলাঘাট আৰক্ষীয়ে দিহিঙীয়াক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে যদিও অধিক তদন্তৰ বাবে পুনৰ 14 দিনলৈ নিজৰ জিন্মাত লয় ৷

লগতে পঢ়কঃ দিল্লীথ ভয়ংকৰ প্ৰদূষণঃ গাজৰ খাই ৰক্ষা কৰক নিজক

উল্লেখ্য যে,গোলাঘাটৰ জালান উদ্যোগৰ গৰিষ্ঠ সংখ্যক ধন হৰলুকি কৰাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন হৈছিল হিমাংশু দিহিঙীয়া ৷ চাকৰিৰ পৰা নিলম্বন হোৱাৰ লগতে বেংক কৰ্তৃপক্ষই নিজাববীয়াকৈ চলাইছিল তদন্ত ৷ তদন্তৰ পাছত দোষী প্ৰমাণিত হোৱাত বেংক কৰ্তৃপক্ষই গোলাঘাট আৰক্ষী থানাত অভিযোগ দাখিল কৰে ।

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details