অসম

assam

ETV Bharat / state

'ইণ্ডিয়া বুক অৱ ৰেকৰ্ড'ত নাম সন্নিৱিষ্ট কৰিবৰ বাবে উঠিপৰি লাগিছে বৰপথাৰৰ এজন যুৱক - অসম নাগালেণ্ড সীমান্ত

সফলতাৰ দিশত ধাৱমান হৈছে বৰপথাৰৰ এজন যুৱক ৷ 'ইণ্ডিয়া বুক অৱ ৰেকৰ্ড'ত নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে চূড়ান্ত অনুশীলনত ব্যস্ত হৈছে যুৱকজন ৷

প্ৰশান্ত কুমাৰ দাস

By

Published : Sep 23, 2019, 6:00 PM IST

সৰুপথাৰ,23 ছেপ্টেম্বৰঃগোলাঘাট বৰপথাৰৰ প্ৰশান্ত কুমাৰ দাস নামৰ এজন যুৱকে একাধিক প্ৰচেষ্টাৰ জড়িয়তে শাৰীৰিক সক্ষমতা প্ৰতিপন্ন কৰি সোমবাৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্তিৰ চূড়ান্ত প্ৰয়াস কৰিছে ৷

ক্ৰীড়াবিদ প্ৰশান্ত কুমাৰ দাস

ইতিমধ্যে ইণ্ডিয়া বুক অৱ ৰেকৰ্ড কৰ্তৃপক্ষই অনুমোদন জনোৱা এই অভিলেখৰ বাবে যুৱকজনে ২৩ কিলোমিটাৰ পথ ২ ঘন্টা ৫০ মিনিটত খোজ কাঢ়ি অতিক্ৰম কৰাৰ পিচত কোনো জিৰণি নোলোৱাকৈ ৫০ বাৰ পুচ আপ কৰি , বক্সিং পেডিং আৰু নি আৰু এলব' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি লগেলগেই ২ কিলোমিটাৰ পথ বাইচাইকেলিং কৰে ৷ অভিলেখ গঢ়িবৰ বাবে প্ৰশান্ত দাস নামৰ যুৱকজনে বৰষুণকো নেওচি অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট যোৰ দলঙৰ পৰা বৰপথাৰ নগৰৰ হিন্দী হাইস্কুল চৌহদলৈকে ঘন্টাত ৭ / ৮ কিলোমিটাৰ বেগত খোজ কাঢ়ি অতিক্ৰম কৰে ৷

ABOUT THE AUTHOR

...view details