অসম

assam

ETV Bharat / state

প্ৰতিকূল বতৰৰ মাজতে গোলাঘাটত উদযাপন ৭৪ সংখ্যক স্বাধীনতা দিৱস

প্ৰতিকূল বতৰৰ মাজতে গোলাঘাটত উদযাপন কৰা হয় ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী । জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাট ৰাজহুৱা খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই ।

independence day celebration at golaghat
প্ৰতিকূল বতৰৰ মাজতে গোলাঘাটত উদযাপন ৭৪ সংখ্যক স্বাধীনতা দিৱস

By

Published : Aug 15, 2020, 3:48 PM IST

গোলাঘাট,১৫ আগষ্ট: নেৰানেপেৰো বৰষুণৰ মাজতেই গোলাঘাটত উদযাপন কৰা হয় দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস । অৱশ্যে মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ স্বাধীনতা দিৱসত বহু কেইটা কাৰ্যসূচী বাতিল কৰিব লগা হয় ।

প্ৰতিকূল বতৰৰ মাজতে গোলাঘাটত উদযাপন ৭৪ সংখ্যক স্বাধীনতা দিৱস

জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই । পতাকা উত্তোলনৰ পাছতেই মন্ত্ৰী গৰাকীক গাৰ্ড অৱ অনাৰ দিলে পেৰেডত অংশ লোৱা আৰক্ষীয়ে । অনুস্থানটোত উপস্থিত থাকে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি ।

প্ৰতিকূল বতৰৰ মাজতে গোলাঘাটত উদযাপন ৭৪ সংখ্যক স্বাধীনতা দিৱস

উল্লেখ্য যে, মহামাৰী ক'ৰণাৰ বাবেই জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজিত এইবাৰৰ স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব নোৱাৰিলে এনচিচি, স্কাউড-গাইড, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰী সকলে । অন্য বছৰৰ দৰে এইবাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অন্তৰ্ভূক্ত নহ'ল কোনো সাংস্কৃতিক অনুস্থানৰো ।

ABOUT THE AUTHOR

...view details