সৰুপথাৰ, ১০ জুন: এতিয়াও অৰ্ধনিৰ্মিত অৱস্থাতে আছে গোলাঘাটৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাট যোৰ দলঙৰ ৰেংমা নদীৰ ওপৰত নিৰ্মাণ কৰা জলসিঞ্চন প্ৰকল্প(Irrigation Scheme) । ২০০৯-১০ বিত্তীয় বৰ্ষতে কেন্দ্ৰীয় চৰকাৰে(Central Government) আবণ্টন দিয়া ১৭ কোটি ৫০ লাখ টকা ব্যয়েৰে জলসিঞ্চন বিভাগে(Irrigation Department) এই জলসিঞ্চন প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল ।
৪২ খন গাঁৱৰ কৃষক ৰাইজৰ ১৫০০০ হেক্টৰ কৃষি ভূমিত পানী যোগান ধৰাৰ বাবে পানী যোগান আঁচনি নিৰ্মাণ কৰা হৈছিল । কিন্তু মুঠ ১৩ জন ঠিকাদাৰে নিৰ্মাণ কৰিবলৈ লোৱা পানী যোগান আঁচনিখনৰ কাম ১২ বছৰে সম্পূৰ্ণ নহ'ল । বিভাগীয় বিষয়া-কৰ্মচাৰী লগতে ঠিকাদাৰসকলৰ হেমাহিৰ বাবে আজি পৰ্যন্ত পানী যোগান আঁচনিখন অৰ্ধনিৰ্মিত অৱস্থাত আছে । সেয়ে, কৃষকসকলৰ বাবে এতিয়া বৰষুণেই হৈছে একমাত্ৰ ভৰসা ।