অসম

assam

ETV Bharat / state

গোলাঘাটত পথৰ পানী খাই জীৱন-নিৰ্বাহ এগৰাকী মহিলাৰ

ৰাজ্যৰ কৃষি মন্ত্ৰী তথা অগপ সভাপতি অতুল বৰাৰ নিজ সমষ্টিত দেখা পোৱা গ'ল এগৰাকী অসহায় মহিলাৰ কৰুণ দৃশ্য ৷ জানিব পৰা মতে,বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাটৰ কমাৰগাঁৱৰ অনু দেৱী নামৰ মহিলাগৰাকীয়ে চাৰিলেন যুক্ত পথৰ পানী খাই জীৱন-নিৰ্বাহ কৰি আহিছে ৷ইয়াৰ উপৰি অকলশৰীয়া মহিলাগৰাকীয়ে আজি পৰ্যন্ত লাভ কৰা নাই কোনোধৰণৰ চৰকাৰী সাহাৰ্য,অংশীদাৰ হোৱা নাই কোনো চৰকাৰী আঁচনিৰো ৷

By

Published : Jun 10, 2020, 5:39 PM IST

In Golaghat a woman  drinks water from a road for makes a live
গোলাঘাটত পথৰ পানী খাই জীৱন-নিৰ্বাহ এগৰাকী মহিলাৰ

গোলাঘাট,10 জুনঃ এফালে যদি ৰাজ্য চৰকাৰৰ উন্নয়নৰ শ্ল'গান আনফালে আকৌ পথৰ পানী খাই জীৱন-নিৰ্বাহ কৰিব লগা হৈছে এগৰাকী দৰিদ্ৰ মহিলাই ৷ শুনিবলৈ আচৰিত হ'লেও এনে এক হৃদয় বিদাৰক ছবি পোহৰলৈ আহিছে ৷ ৰাজ্যৰ কৃষি মন্ত্ৰী তথা অগপ সভাপতি অতুল বৰাৰ নিজ সমষ্টিত দেখা পোৱা গ'ল এগৰাকী অসহায় মহিলাৰ কৰুণ দৃশ্য ৷ জানিব পৰা মতে,বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাটৰ কমাৰগাঁৱৰ অনু দেৱী নামৰ মহিলাগৰাকীয়ে চাৰিলেন যুক্ত পথৰ পানী খাই জীৱন-নিৰ্বাহ কৰি আহিছে ৷ ইয়াৰ উপৰি অকলশৰীয়া মহিলাগৰাকীয়ে আজি পৰ্যন্ত লাভ কৰা নাই কোনোধৰণৰ চৰকাৰী সাহাৰ্য,অংশীদাৰ হোৱা নাই কোনো চৰকাৰী আঁচনিৰো ৷

গোলাঘাটত পথৰ পানী খাই জীৱন-নিৰ্বাহ এগৰাকী মহিলাৰ

যিসময়ত চৰকাৰে বিশুদ্ধ খোৱা-পানীৰ নামত কোটি কোটি টকা খৰছ কৰিছে,দৰিদ্ৰ লোকৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে তেনে সময়ত এনেদৰে পথৰ পানী খাই জীৱন-নিৰ্বাহ কৰা অনু দেৱী নামৰ দুৰ্ভগীয়া মহিলাগৰাকীৰ ওপৰত সুদৃষ্টি পৰিবনে চৰকাৰ তথা প্ৰশাসনৰ ? প্ৰতি দিনেই অণু দেৱীৰ ঘৰৰ সন্মুখেৰে বিশাল কনভয় লৈ অহা-যোৱা কৰা মন্ত্ৰী অতুল বৰাৰ সময় হ'বনে মহিলাগৰাকীৰ খবৰ ল'বলৈ সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃ বাঘজানৰ তৈলখাদৰ বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ আলফা (স্বা)ৰ

ABOUT THE AUTHOR

...view details