গোলাঘাট,২৪ ফেব্ৰুৱাৰী : গোলাঘাটত পৰকীয়া প্ৰেমে থানবান কৰিলে দুটাকৈ সুখী পৰিয়াল (Illicit love affair at Golaghat)। স্বামী আৰু ১০ বছৰীয়া সন্তানক এৰি পলাই গ'ল মহিলা । চকু মুদী বিশ্বাস কৰা পত্নীক প্ৰৱঞ্চনা কৰি স্বামীয়ে পলাই লৈ গ'ল সন্তানৰ মাতৃক । ঘটনাক লৈ দুয়োটা পৰিয়ালৰ মাজত তীব্ৰ উত্তেজনা । পৰকীয়া প্ৰেম নামৰ নাটকৰ নায়ক-নায়িকাক এশিকনি দিয়াৰ বাবে কমাৰবন্ধা আৰক্ষী চকীত উপস্থিত দুয়োটা পৰিয়াল । অৱশ্যে আৰক্ষীৰ হস্তক্ষেপত কোনো মতে ৰক্ষা পৰিল নায়ক-নায়িকা ।
বৃহস্পতিবাৰে গোলাঘাট জিলাৰ কমাৰবন্ধা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি (Tense situation at Kamarbondha Police station)। এনে পৰিস্থিতিৰ মূলতে হ'ল ১০ বছৰীয়া কন্যা সন্তানৰ এগৰাকী মাতৃ আৰু অপ্ৰিম কোঁৱৰ নামৰ এজন বিবাহিত যুৱক । দুয়োগৰাকীৰে মাজত আছিল অবৈধ প্ৰেম । যাৰ বাবে দুয়ো শেহতীয়াকৈ নিজৰ বৈবাহিক সংসাৰ এৰি পলাই গৈছিল । পাছত কমাৰবন্ধা আৰক্ষীয়ে দুয়োগৰাকীকে আটক কৰে । লগে লগে থানাত উপস্থিত হয় দুয়োটা পৰিয়াল ।
মহিলাগৰাকীৰ স্বামীয়ে জনোৱা মতে এই অবৈধ সম্পৰ্কৰ কথা তেওঁ গম পোৱাৰ পাছতে মাকৰ ঘৰত থৈ আহিছিল মহিলাগৰাকীক । মাতৃৰ পৰিয়ালক বিষয়টো অৱগত কৰি মহিলাগৰাকীক বুজাই-বঢ়াই পুনৰ ঘৰলৈ অনাৰ কথা আছিল । তেওঁলোকৰ এটি ১০ বছৰীয়া কন্যা সন্তানো আছে । কিন্তু মহিলাগৰাকীৰ বাবে পৰকীয়া প্ৰেমে ডাঙৰ হ'ল । যাৰ বাবে স্বামী আৰু কন্যা সন্তানক এৰি অপ্ৰিম কোঁৱৰ নামৰ যুৱকজনৰ সৈতে পলাই যায় ।
মাতৃয়ে এনেদৰে আন পুৰুষৰ সৈতে পলাই যোৱা দেখি কান্দোনত ভাগি পৰিছে ১০ বছৰীয়া কন্যা সন্তান । তেনে মাতৃ নালাগে বুলিও ক্ষোভ প্ৰকাশ কৰিছে কণমানি কিশোৰীজনীয়ে । পত্নীয়ে এনেদৰে আন পুৰুষৰ সৈতে পলাই যোৱা কাৰ্যক সহজভাৱে ল'ব পৰা নাই আকৌ দুৰ্ভগীয়া স্বামী জোনটি বৰাই ।