গোলাঘাট,১৯ ডিচেম্বৰ:চৰ্চাত গোলাঘাটৰ এখন অবৈধ গাহৰি ফাৰ্ম । প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈৰ বাসগৃহৰ চৌহদত অৰ্থাৎ গোলাঘাটৰ Doss and Co চৌহদত অতি গোপনে স্থাপন কৰা হৈছে এখন গাহৰি ফাৰ্ম(Illegal pig farm at former minister residence in Golaghat) । চৌহদৰ পিছফালে প্ৰশাসনৰ নীতি নিৰ্দেশনা অমান্য কৰি সম্পূৰ্ণ বে-আইনীভাৱে স্থাপন কৰা গাহৰি ফাৰ্মখনৰ বাবে বিবুদ্ধিত পৰিছে প্ৰতিৱেশী আৰু স্থানীয় ব্যৱসায়ীসকল(Illegal pig farm in Golaghat) । ফাৰ্মখনৰ দুৰ্গন্ধ, মল-জাবৰ ইত্যাদিয়ে প্ৰদুষণ তথা অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰা বুলি অভিযোগ কাষৰীয়া ব্যৱসায়ীসকলৰ ।
গোলাঘাটৰ 'জামাল মাৰ্কেটৰ' অতি নিলগতে স্থাপন কৰা ফাৰ্মখনৰ বিৰুদ্ধে গোলাঘাট পৌৰসভা(Golaghat Municipality) আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰায় ৬ মাহ পূৰ্বেই দিয়া হৈছিল লিখিত অভিযোগ । কিন্তু আজিকোপতি নহ'ল কোনো সমাধান । ইপিনে, পৌৰসভাৰ পৌৰপতিৰ মতে ৬ মাহৰ পূৰ্বেই ২০ দিনৰ সময়সীমা বান্ধি ফাৰ্মখন আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও স্বত্বাধিকাৰীয়ে অমান্য কৰিছিল সেই নিৰ্দেশ ।