অসম

assam

ETV Bharat / state

গোলাঘাটৰ সৰুপথাৰত খাৰুৱা তেলৰ চোৰাং বেহা

উদ্ধাৰ ৩৩ টাকৈ অবৈধ ক্ৰুড অইল ভৰ্তি ড্ৰাম

উদ্ধাৰ ৩৩ টা কৈ অবৈধ ক্ৰুড অইল ভৰ্তি ড্ৰাম

By

Published : Mar 6, 2019, 12:22 PM IST

গোলাঘাট, 6 মাৰ্চঃ গোলাঘাটৰ সৰুপথাৰ বাৰঘৰীয়াত মঙলবাৰেনিশা সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি । ৰাইজৰ সহযোগত আৰক্ষীয়ে অভিযান চলাই সৰুপথাৰৰ বাৰঘৰীয়াত উদ্ধাৰ কৰে চোৰাং তেল ৷

উদ্ধাৰ ৩৩ টা কৈ অবৈধ ক্ৰুড অইল ভৰ্তি ড্ৰাম

যদুমণি শইকিয়া নামৰ এজন ব্যক্তিৰ এখন বন্ধ দোকানৰ লগতে ঘৰৰ ভিতৰত উদ্ধাৰ হয় চোৰাং খাৰুৱা তেলখিনি৷ উদ্ধাৰ হৈছে মুঠ ৩৩ টাকৈ চোৰাং তেল ভৰ্তি ড্ৰাম ৷ অৱশ্যে এয়া প্ৰকৃততে ক্ৰুড অইল হয় নে নহয় পৰীক্ষা কৰাৰ পিচতে স্পষ্ট হ'ব । আৰক্ষীয়ে প্ৰথম অৱস্থাত সন্দেহ কৰা মতে এইয়া ক্ৰুড অইল ।

ইপিনে দোকানখনৰ ভিতৰত টেংকি সদৃশ গাঁতত মটৰ লগাই টেংকাৰৰ পৰা তেলসমূহ মজুত কৰি আহিছিল বুলি উল্লেখ কৰে আৰক্ষীয়ে ।

নিশা ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ নেতৃত্বত চলোৱা অভিযানত পোহৰলৈ আহে এই চোৰাং খাৰুৱা তেলৰ ভাণ্ডাৰ ৷ বন্ধ দোকানৰ ভিতৰৰ পৰা তেল জাতীয় পদাৰ্থ নিগৰি অহাত আৰক্ষীক খবৰ দিয়াৰ পিচত দোকানখনৰ ভিতৰত অভিযান চলোৱাত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷

ABOUT THE AUTHOR

...view details