গোলাঘাট, 15 অক্টোবৰ:দেশৰ ভিতৰতে আটাইতকৈ বৃহৎ সুৰা ট্ৰেজেডী সংঘটিত হৈছিল গোলাঘাটত। কিন্তু আজিও শিক্ষা নল’লে একাংশ সুৰা ব্যৱসায়ীয়ে। গোলাঘাট নগৰৰ মাজমজিয়াত অতি সুলভ অবৈধ বিলাতী সুৰা। নগৰৰ একাংশ অলিয়ে গলিয়ে গঢ়ি উঠিছে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়। সৰু পান-তামোলৰ দোকান,হোটেলত অবৈধ ভাৱে বিক্ৰী কৰি আহিছে বিলাতী সুৰা ।
গোলাঘাটত জব্দ অবৈধ বিলাতী সুৰা - ‘গায়ত্ৰী চাহু দোকানত জব্দ বিলাতী সুৰা
গোলাঘাট নগৰৰ মাজমজিয়াত সুলভ অবৈধ বিলাতী সুৰা । নগৰৰ একাংশ অলিয়ে গলিয়ে গঢ়ি উঠিছে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়। এখন হোটেলৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে কেইবাটাও বিলাতী মদৰ বটল ।
গোলাঘাট জব্দ অবৈধ বিলাতী সুৰা
এক গোপন সূত্ৰৰ পম খেদি গোলাঘাট আৰক্ষীয়ে মঙলবাৰে গোলাঘাট নগৰৰ মাজমজিয়াস্থিত পাব্লিক বাছষ্টেণ্ডৰ ‘গায়ত্ৰী চাহু’ নামৰ এখন চাহৰ দোকানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বহু কেইটা সুৰাৰ বটল। লগতে আটক কৰে দোকানখনৰ স্বত্বাধিকাৰী এগৰাকী মহিলাক ৷ সম্প্ৰতি চহৰখনত অবৈধ সুৰাৰ ব্যৱসায় যাতে গঢ়ি নুঠে তাৰ বাবে আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে ৷
Last Updated : Oct 15, 2019, 6:47 PM IST