অসম

assam

By

Published : Aug 26, 2019, 12:31 PM IST

ETV Bharat / state

গোলাঘাট কমাৰগাঁৱত বৃহৎ চুলাই ভাটি উচ্ছেদ

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে চলালে এই অভিযান ৷ অভিযানত আৰক্ষীয়ে প্ৰায় 15 শ লিটাৰ অবৈধ চুলাই মদৰ লগতে বৃহৎ পৰিমাণৰ লালি গুৰ নষ্ট কৰে ।

কমাৰগাঁৱত বৃহৎ চুলাই ভাটি উচ্ছেদ

গোলাঘাট, 26 আগষ্টঃগোলাঘাট জিলাৰ চুলাই ট্ৰেজেদিৰ পিচতো এতিয়াও একাংশ অসাধু ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে বিষাক্ত চুলাইৰ ৰমৰমীয়া বেহা৷ তেনে সময়তে দেওবাৰে নিশা গোলাঘাট কমাৰগাঁও আৰক্ষী থানাৰ অধীনৰ তৰুন নগৰত কমাৰগাঁও আৰক্ষীয়ে এটা বৃহৎ চুলাই ভাটি উচ্ছেদ কৰে । কমাৰগাঁও আৰক্ষীয়ে বিশেষ সূত্ৰে জানিব পাৰি নিশা অভিযান চলাই এই চুলাই ভাটিটো নিঃশেষ কৰে।

কমাৰগাঁৱত বৃহৎ চুলাই ভাটি উচ্ছেদ

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ময়ুৰজিৎ গগৈৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে এই অভিযান চলাই৷ অভিযানত আৰক্ষীয়ে প্ৰায় 15 শ লিটাৰ অবৈধ চুলাই মদৰ লগতে বৃহৎ পৰিমাণৰ লালি গুৰ নষ্ট কৰে ।এই বৃহৎ চুলাই ভাটিটো বুবুটি কৰ্মকাৰ নামৰ এজন লোকে স্থাপন কৰি ৰমৰমীয়া বেহা চলাই আছিল বুলি অভিযোগ উত্থাপিত হৈছে। অৱশ্যে আৰক্ষী যোৱাৰ সম্ভেদ পাই অবৈধ চুলাই ব্যবসায়ীজন পলাই সাৰিবলৈ সক্ষম হয়৷

ABOUT THE AUTHOR

...view details