সৰুপথাৰ, 11 জুন : গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ মাজেৰে বহি:ৰাজ্যলৈ দৈনিক অবৈধ ভাৱে চলি আছে গৰুৰ চোৰাং সৰবৰাহ । গৰুৰ ছিণ্ডিকেট চক্ৰটোৱে বিভিন্ন পক্ষক মেনেজ কৰি মহকুমাটোৰ মাজেৰে চুঙাজান হৈ অবৈধ ভাৱে বহি: ৰাজ্যলৈ পশুধনৰ সৰবৰাহ কৰি আছে।শেহতীয়াকৈ বুধবাৰে পশুধন ভৰ্তি দুখনকৈ গাড়ী নাওজানত জব্দ হোৱাত পোহৰলৈ আহিছে চোৰাং গৰু সৰবৰাহকাৰীৰ বহু বিস্ফোৰক তথ্য । ৰাজ্যত কৰ’ণা মহামাৰীৰ সংক্ৰমন ৰোধ কৰাৰৰ স্বাৰ্থত আংশিক লকডাউন, আন্ত:জিলা যাতায়ত বন্ধ আদি চলি থকাৰ মাজতো কেনেকৈ গৰু ম'হ বহি:ৰাজ্যলৈ সৰবৰাহ হৈছে তাকলৈ এতিয়া প্ৰশ্ন উঠিছে ।
উল্লেখ্য যে, বুধবাৰে নাওজানৰ একাংশ যুৱকে ১১ জনী মাইকী ম'হ আৰু ১১টা গৰু সহ এখন ট্ৰাক আৰু এখন ডিআই গাড়ী জব্দ কৰে । ম'হ কেইজনী ট্ৰাক খনত অনাৰ বিপৰীতে গৰু কেইটা অনা হৈছিল ডিআই বাহন খনত । এনেদৰে অবৈধ ভাৱে পশুধন কঢ়িওৱাই অনা গাড়ী দুখন সম্পৰ্কত যুৱক কেইজনে নাওজান আৰক্ষী চকীত খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ, পশুধনসহ গাড়ীদুখন আৰক্ষীয়ে চমজি লয় লগতে ট্ৰাকখনৰ চালক দেৰগাঁও দীঘলচাপৰিৰ আৰ্জু খান (৪৭) আৰু নাওজান কৈৰিগাওঁৰ মুস্তাফা আলি (১৯)ক আটক কৰে।
আৰক্ষীৰ ওচৰত ধৃত চালক দুজনে ট্ৰাকখনত থকা ম'হ ১১ টাৰ চালান দেৰগাওঁ নগৰ গৰু ম'হৰ বজাৰৰ আৰু গৰু কেইটাৰ বিপৰীতে নাওজান সপ্তাহিক বজাৰৰ গৰু ম'হৰ পঞ্জীয়ন ৰচিদ উদ্ধাৰ কৰা হয়।কিন্তু লক্ষনীয় কথাটো হ'ল যে কভিড ১৯ৰ পৰিপ্ৰেক্ষিতত কেইবা সপ্তাহ ধৰি প্ৰশাসনে সপ্তাহীক বজাৰ সমূহ বন্ধ কৰি ৰাখিছে। এনে ক্ষেত্ৰত গো ব্যৱসায়ী সকলক সপ্তাহীক বজাৰৰ ৰচিদ কোনে ক'ত কেনেকৈ প্ৰদান কৰিলে সেয়া গভীৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ।
অন্যহাতে নথি পত্ৰ বিহিন আৰু অবৈধ ভাৱে কিদৰে কেইবাখনো আৰক্ষী থানা তথা তহলদাৰী আৰক্ষীৰ চকুত ধূলি দি নগালেণ্ডলৈ গৰু ম'হ সৰবৰাহ কৰা হৈছে সেয়া এক গভীৰ ৰহস্যৰ ভিতৰত সোমাই পৰিছে।অন্যহাতে পশুধন সহ গাড়ী দুখন জব্দ কৰা যুৱক প্ৰাক্তন আছু কৰ্মী তথা বৰ্তমানৰ যুৱ বিজেপি কৰ্মী ৰিন্টু ডেকাই সংবাদমাধ্যমক জনোৱা মতে , দীৰ্ঘ দিন ধৰি নাওজান, চুঙাজানহৈ নাগালেণ্ডৰ ডিমাপুৰলৈ অবৈধ ভাৱে গাড়ীয়ে গাড়ীয়ে পশুধন সৰবৰাহ হৈ থকা তেওঁলোকে প্ৰত্যক্ষ কৰি আহিছে ।