অসম

assam

By

Published : Dec 6, 2022, 8:43 PM IST

ETV Bharat / state

Illegal burmese supari seized: চোৰাংভাৱে কঢ়িয়াই অনা বাৰ্মিজ চুপাৰিসহ দুই সৰবৰাহকাৰী আটক

অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰাহ (Illegal burmese supari)৷ মঙলবাৰে মেৰাপানী সীমান্তত চি আৰ পি এফে জব্দ কৰে NL05G1914 নম্বৰৰ এখন চুপাৰিভৰ্তি এখন ট্ৰাক (Illegal burmese supari seized at Merapani)৷

Illegal burmese supari seized at Merapani
Illegal burmese supari seized: চোৰাংভাৱে কঢ়িয়াই অনা বাৰ্মিজ চুপাৰিসহ দুই সৰবৰাহকাৰী আটক

গোলাঘাট/মেৰাপানী, 6 ডিচেম্বৰ: ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰাহ (Illegal burmese supari in Assam)৷ ৰাজ্যৰ আৰক্ষী প্ৰশাসনে যিমানেই চোৰাং বেহাসমূহ বন্ধ কৰিবলৈ উঠি-পৰি লাগিছে সিমানেই একাংশ সৰবৰাহকাৰীৰ অতপালিয়ে চকু কঁপালত তুলিছে আৰক্ষীৰ লগতে সাধাৰণ ৰাইজৰ ৷

চোৰাংভাৱে কঢ়িয়াই অনা বাৰ্মিজ চুপাৰিসহ দুই সৰবৰাহকাৰী আটক

এইবাৰ গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত বাৰ্মিজ চুপাৰিৰ বৃহৎ ক'লা বজাৰ গঢ়ি উঠা পৰিলক্ষিত হৈছে ৷ বাৰ্মাৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰা চুপাৰি নাগালেণ্ডেৰে সৰবৰাহ হৈ মেৰাপানী সীমান্তয়েদি প্ৰৱেশ কৰে অসমত ৷ টেক্স, জিএছ টিৰ অবিহনেই অসমত প্ৰৱেশ কৰাৰ পাছতেই গোলাঘাটৰ পৰা নিয়ন্ত্ৰিত হয় বাৰ্মিজ চুপাৰিৰ ক'লা বজাৰ ৷

বোকাজান, কৰিমগঞ্জৰ পাছত এইবাৰ মেৰাপানী সীমান্ত হৈ পৰিছে বাৰ্মিজ চুপাৰি সৰবৰাহৰ ক'ৰিডৰ ৷ কেইদিনমানৰ পূৰ্বে মেৰাপানী সীমান্তত দুখনকৈ বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাক জব্দ কৰাৰ পাছত মঙলবাৰে মেৰাপানী সীমান্তত চি আৰ পি এফে জব্দ কৰে NL05G1914 নম্বৰৰ চুপাৰিভৰ্তি এখন ট্ৰাক (Illegal Burmese supari seized at Merapani)৷ ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰে প্ৰায় ১৫০ টা বস্তা চুপাৰি (Burmese supari seized worth 20 lacs)৷ চুপাৰিখিনিৰ বজাৰ মূল্য ২০ লক্ষাধিক টকা বুলি জানিব পৰা গৈছে ৷

চি আৰ পি এফে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত গাড়ীখনৰ চালকসহ আন দুজন নগা যুৱককো আটক কৰে (3 arrested at Merapani)৷ ইফালে মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত চি আৰ পি এফৰ তালাচী চকীত ট্ৰাকখন জব্দ কৰাৰ পাছতো ৰহস্যজনকভাৱে মেৰাপানী আৰক্ষীয়ে গাড়ীখন নিজৰ জিম্মাত লোৱাৰ বিপৰীতে নগা আৰক্ষীয়ে নাগালেণ্ডলৈ লৈ লোৱা কাৰ্যত গভীৰ ৰহস্য নিৰ্হিত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷

ইফালে এই চুপাৰি চিণ্ডিকেটৰ আঁৰত গোলাঘাটৰ হিন্দু যুৱ পৰিষদৰ কেইজনমান সংগঠনৰ নেতা জড়িত হৈ থকা বুলি সৰবৰাহকাৰীৰ ভাষ্য অনুসৰি অনুমান কৰিব পৰা গৈছে ৷

লগতে পঢ়ক:Mysterious death at Barpeta road : বৰপেটাৰোডত ৰহস্যজনকভাৱে উদ্ধাৰ বনকৰা যুৱতীৰ মৃতদেহ

ABOUT THE AUTHOR

...view details