অসম

assam

ETV Bharat / state

গোলাঘাটৰ ধনশিৰি নদীত উদ্ধাৰ হোৱা অচিনাক্ত মৃতদেহৰ পৰিচয় চিনাক্ত

মৃত দ্বীপেন নাথক একেখন গাঁৱৰে দিগন্ত দলে নামৰ এজন ব্যক্তিয়ে নিজৰ গাড়ী ছাৰ্ভিচিং কৰিবৰ বাবে লগত লৈ আনিছিল । তেতিয়াৰে পৰা সন্ধানহীন হৈ আছিল দুয়ো ৷ ইপিনে মৃতদেহ চিনাক্ত হোৱাৰ পিছতে সতীৰ্থ দিগন্ত দলেয়ে দ্বীপেন নাথক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে দ্বীপেন নাথৰ পৰিয়ালৰ লোকে ৷ মৃত দ্বীপেন নাথৰ পৰিয়ালে সংবাদ মাধ্যমক কয় যে, মৃত দ্বীপেন নাথক দিগন্ত দলে নামৰ লোকজনে প্ৰায় চাৰি লাখ টকা দিবলৈ আছিল । ইয়াৰ উপৰিও দিগন্ত দলেয়ে গঁড়ৰ চোৰাং চিকাৰৰ অভিযোগত কাৰাৰুদ্ধ হৈ অলপতে জেলৰ পৰা মুক্তি পাইছিল ।

Identification of unidentified bodies recovered from Dhansiri river in Golaghat
গোলাঘাটৰ ধনশিৰি নদীত উদ্ধাৰ হোৱা অচিনাক্ত মৃতদেহৰ পৰিচয় চিনাক্ত

By

Published : Sep 16, 2020, 2:26 PM IST

গোলাঘাট,16ছেপ্তেম্বৰঃ অৱশেষত চিনাক্ত কৰা হ'ল গোলাঘাটৰ মইনাপাৰাৰ ধনশিৰি নদীত উদ্ধাৰ হোৱা অচিনাক্ত মৃতদেহ'টোৰ পৰিচয় ৷ মৃতদেহটো ধেমাজিৰ চিমেন চাপৰিৰ দ্বীপেন নাথৰ বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে ৷ যোৱা 11 ছেপ্টেম্বৰত ডিঙিত বেল্ট আৰু দুয়োখন হাত ৰচীৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল দ্বীপেন নাথৰ মৃতদেহ ৷ ইপিনে মৃতদেহ উদ্ধাৰৰ পিছতে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য ৷

গোলাঘাটৰ ধনশিৰি নদীত উদ্ধাৰ হোৱা অচিনাক্ত মৃতদেহৰ পৰিচয় চিনাক্ত

জানিব পৰা মতে, মৃত দ্বীপেন নাথক একেখন গাঁৱৰে দিগন্ত দলে নামৰ এজন ব্যক্তিয়ে নিজৰ গাড়ী ছাৰ্ভিচিং কৰিবৰ বাবে লগত লৈ আনিছিল । তেতিয়াৰে পৰা সন্ধানহীন হৈ আছিল দুয়ো ৷ ইপিনে মৃতদেহ চিনাক্ত হোৱাৰ পিছতে সতীৰ্থ দিগন্ত দলেয়ে দ্বীপেন নাথক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে দ্বীপেন নাথৰ পৰিয়ালৰ লোকে ৷ মৃত দ্বীপেন নাথৰ পৰিয়ালে সংবাদ মাধ্যমক কয় যে, মৃত দ্বীপেন নাথক দিগন্ত দলে নামৰ লোকজনে প্ৰায় চাৰি লাখ টকা দিবলৈ আছিল । ইয়াৰ উপৰিও দিগন্ত দলেয়ে গঁড়ৰ চোৰাং চিকাৰৰ অভিযোগত কাৰাৰুদ্ধ হৈ অলপতে জেলৰ পৰা মুক্তি পাইছিল ।

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে নুমলীগড় আৰক্ষীয়ে ৷ প্ৰকৃততে দ্বীপেন নাথক কোনে হত্যা কৰিলে এই তথ্য এতিয়াও পোহৰলৈ অহা নাই যদিও সকলোৰে সন্দেহৰ আঙুলি সন্ধানহীন দিগন্ত দলেৰ ওপৰত ৷ উল্লেখযোগ্য যে, নুমলীগড় আৰক্ষীয়ে দিগন্ত দলেৰ গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও বৰ্তমানেও দিগন্ত দলেৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷

লগতে পঢ়কঃঅজন্তা নেওগৰ সমষ্টিত ৰাইজৰ দুৰ্দশাঃ পথত ভূঁই ৰুই কৰিলে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details