বোকাখাত, 10 ছেপ্টেম্বৰ:এতিয়াও মাৰ যোৱা নাই পাপৰী শইকীয়া হত্যাকাণ্ডৰ চাঞ্চল্য ৷ যোৱা বৃহস্পতিবাৰে নিশা প্ৰায় 10 মান বজাত পাৰিবাৰিক কন্দলৰ বাবে বোকাখাতৰ কুৰুৱাবাহীৰ মানস গাংগুলীয়ে পত্নী পাপৰী শইকীয়াক ডিঙি চেপি হত্যা কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাৰ পিছতেই পলায়ন কৰিছিল স্বামী মানস গাংগুলী (Husband kills wife Brutally in Bokakhat) ৷
জানিব পৰা অনুসৰি, মানসে এই ঘটনা সংঘটিত হোৱাৰ দিনা নিজ পুত্ৰক খুড়াকৰ ঘৰত থৈ আহিছিল ৷ তাৰ পিছতেই স্থানীয়ে লোকে উলংগ অৱস্থাত উদ্ধাৰ কৰিছিল পাপৰী শইকীয়াৰ মৃতদেহ ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি পূৰ্বেও দুয়োৰে মাজত পাৰিবাৰিক সংঘাত সঘনাই হৈ আহিছিল ৷
ইফালে এই ঘটনাৰ পিছতে হুৱা-দুৱা লাগে অঞ্চলটোত(Husband suspected of killing wife) ৷ শনিবাৰে নিশা পত্নী হত্যাৰ অভিযুক্ত মানস গাংগুলীয়ে বোকাখাত থানাত অত্মসমৰ্পন কৰে । পাপৰীৰ পৰিয়ালৰ এজাহৰৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে মানস গাংগুলীক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷