অসম

assam

ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মানৱ শৃংখল প্ৰদৰ্শন - Human Chain protest to cancel CAA by Golaghat AASU assam etv bharat news

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বিৰুদ্ধে সৰৱ সদৌ অসম ছাত্ৰ সন্থা ৷ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে আইনখন বাতিলৰ দাবীত প্ৰদৰ্শন কৰে মানৱ শৃংখল ৷

Human Chain protest to cancel CAA by Golaghat AASU assam etv bharat news
আছুৰ মানৱ শৃংখল প্ৰদৰ্শন

By

Published : Aug 20, 2020, 5:35 PM IST

গোলাঘাট,20 আগষ্ট: ৰাজ্যত ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণৰ দিশে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ৷ বিগত বৰ্ষৰ শেষৰভাগে আৰম্ভ হোৱা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন চলিত বৰ্ষত কৰ’ণা ভাইৰাছৰ বাবে স্তিমিত হৈছিল ৷ শেহতীয়াভাৱে পুনৰ এই আন্দোলনে গা কৰি উঠা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত এই আইন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৷

আছুৰ মানৱ শৃংখল প্ৰদৰ্শন

বৃহস্পতিবাৰে আছুৰ গোলাঘাট জিলা সমিতিৰ উদ্য়োগত পালন কৰা হৈছে এনে এক প্ৰতিবাদী কাৰ্যসূচী ৷ সন্থাৰ সদস্যসকলে এই আইন বাতিলৰ দাবীত প্ৰদৰ্শন কৰে মানৱ শৃংখল ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰা আছুৱে নগৰখনৰ বাটা পইণ্টত প্ৰদৰ্শন কৰে এই প্ৰতিবাদ ৷ প্ৰতিবাদস্থলীৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিয়ে ৷ লগতে অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

লগতে চাওকঃকৰ’ণাৰ বাবে বাতিল জামুগুৰিহাটৰ ২২৫ বছৰীয়া কালীয় দমন ভাওনা

ABOUT THE AUTHOR

...view details