সৰুপথাৰ, 2ডিচেম্বৰ :ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কিছু অসাধু ব্যৱসায়ীয়ে সহজ ধন ঘটাৰ স্বাৰ্থত বিভিন্ন ভেজাল সামগ্ৰী বজাৰত বিক্ৰী কৰি আহিছে ৷ শেহতীয়াকৈ ধনশিৰি মহকুমাৰ সৰুপথাৰত ভেজাল মিঠাতেল(Adulterated Mustard Oil at Sarupathar)ৰ ৰমৰমীয়া ব্যৱসায় চলাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে ।
সৰুপথাৰৰ বিমল ৰাইচ মিলৰ বিৰুদ্ধে মিঠাতেলৰ নামত ৰাইজক বৰবিহ খুৱাই অহাৰ অভিযোগ উত্থাপন হৈছে । প্ৰতিষ্ঠানটোৱে বহি:ৰাজ্যৰ পৰা সৰবৰাহ কৰা প্ৰায় 84 হাজাৰ লিটাৰ খাদ্যৰ বাবে অনুপযোগী মিঠাতেল জব্দ কৰিছে প্ৰশাসনে (Spurious mustard oil cans seized in Sarupathar by District Admin) । তিনিখন টেংকাৰত পশ্চিম বংগৰ পৰা সৰুপথাৰৰ বিমল মিললৈ অনা হৈছিল এই ভেজাল তেলখিনি ।