গোলাঘাট, 9 ছেপ্টেম্বৰ : মৎস্য পালনৰ নামত গোলাঘাট পৌৰসভাৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ । গোলাঘাট পৌৰসভাৰ অৱহেলাৰ বাবেই কেইবা কুইন্টল মাছৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে । গোলাঘাট নগৰৰ বাছ আস্থানৰ সমীপত অৱস্থিত এটা পুখুৰীত মৃত্যু হৈছে বৃহৎ পৰিমাণৰ মাছৰ । স্থানীয় লোকৰ অভিযোগ মতে গোলাঘাট পৌৰসভাৰ অধীনত থকা বৃহৎ পুখুৰীটোৰ কোনো ধৰণৰ চাফাই নকৰাৰ ফলত বিষক্ৰিয়া হৈ মৃত্যু হৈছে কেইবা কুইন্টল মাছ ।
গোলাঘাটত পৌৰসভাৰ অধীনৰ পুখুৰীত মৃত্যু অসংখ্য মাছ
গোলাঘাট নগৰৰ বাছ আস্থানৰ সমীপত অৱস্থিত এটা পুখুৰীত মৃত্যু হৈছে বৃহৎ পৰিমাণৰ মাছৰ । স্থানীয় লোকৰ অভিযোগ মতে, গোলাঘাট পৌৰসভাৰ অধীনত থকা বৃহৎ পুখুৰীটোৰ কোনো ধৰণৰ চাফাই নকৰাৰ ফলত বিষক্ৰিয়া হৈ মৃত্যু হৈছে কেইবা কুইন্টল মাছ ।
মৎস্য পালনৰ বাবে পৌৰসভাইপুখুৰীটোব্যৱহাৰ কৰি আহিছে যদিও পুখুৰীটো এদিনো চোৱা-চিতা নকৰাৰ ফলতে পুখুৰীটোৰ পানীত বিষক্ৰিয়া হৈ মাছৰ মৃত্যু হোৱা বুলি অভিযোগ তুলিলেস্থানীয় ৰাইজে। একাংশৰ মতে এই পুখুৰীটোত বিহ দি কোনো দুষ্ট চক্ৰই মাছ ধৰা পৰিকল্পনা কৰিছিল । আন একাংশৰ মতে, গোলাঘাট পৌৰসভাৰ অদূৰদৰ্শীতাৰ ফলত কেতিয়াবা যে নগৰবাসীৰ জীৱন সংকটত পৰিব সেইয়া নিশ্চিত । কাৰণ দুষ্কৃতিকাৰীয়ে এই মাছ বজাৰত বিক্ৰী কৰিলে শাৰীৰিকভাৱে অসুস্থতাত পৰিব সেই মাছ ভক্ষণ কৰা লোকসকল । সেই গতিকে সময় থাকোঁতেই সজাগ হ'বলৈ পৌৰসভাক আহ্বান জনাইছে স্থানীয় লোকসকলে ৷