বোকাখাত, 23 জুলাই : ৰাজ্যত যি পৰিমাণে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলিছে তাৰ সমান্তৰালভাৱে প্ৰতিদিনে উদ্ধাৰ হৈ আছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ শুকুৰবাৰে বোকাখাতৰ( BOKAKHAT) সাপজুৰি মিজু কেম্পৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত AS-02-AA-2619 নম্বৰৰ এখন (scorpio) গাড়ীৰ পৰা ২ কেজি ২০০ গ্ৰাম কানি জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে । জানিব পৰা মতে, জব্দকৃত কানিখিনিৰ মূল্য প্ৰায় ৫৫ লাখ টকা ।
উল্লেখযোগ্য যে, বোকাখাত যানবাহন আৰক্ষীয়ে (Bokakhat Traffic Police) থানাৰ সমুখত চলাই থকা নয়মীয়া তালাচীত গাড়ীখন ৰখাবলৈ চেষ্টা কৰোতে চালকজনে পলাবলৈ চেষ্টা কৰে । একেদৰে বোকাখাত আৰক্ষীয়ে (Bokakhat Police) গাড়ীখনৰ পিছে পিছে খেদি যোৱাত বোকাখাতৰ সাপজুৰিত গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয় । তাৰ পাচতে গাড়ীখনৰ পৰা ২ কেজি ২০০ গ্ৰাম কানিৰ লগতে গাড়ীসহ চালকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বোকাখাত আৰক্ষীয়ে ।
বোকাখাতত আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ কানিসহ সৰবৰাহকাৰী মনকৰিবলগীয়া যে, ড৹ হিমন্ত বিশ্ব শৰ্মাই (HIMNTA BISWA SARMA) মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যৰ শাসনভাৰ হাতত লোৱাৰ লগে লগেই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি হাতত লৈছিল ৷ তেওঁৰ এই স্থিতিত সমৰ্থন জনাই অসম আৰক্ষীৰ (Assam Police) প্ৰতিখন জিলাৰ আৰক্ষী বিষয়া, জোৱানে নিতৌ ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপত অভিযান চলাই আছে ৷ শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিধানসভাত উল্লেখ কৰিছে যে, অসমত ড্ৰাগছৰ নামত প্ৰায় 400 কোটি টকাৰ ব্যৱসায় চলি আছে গতিকে, এই বৃহৎ ব্যৱসায় নিয়ন্ত্ৰণত যথেষ্ট বাধা অহাটো স্বাভাৱিক ৷
একেদৰে শেহতীয়াকৈ ৰাজ্যৰ আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে নিচাজাতীয় সামগ্ৰী সমূহৰ দহনৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে ৷ ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত ড্ৰাগছৰ লগতে নিচাজাতীয় সামগ্ৰী দহন কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়কঃ উত্তৰ কামৰূপত বন বিভাগৰ জালত দুখন চোৰাং কাঠ ভৰ্তি ট্ৰাক