অসম

assam

ETV Bharat / state

কেনেদৰে হৈছিল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহৰ চুৰি ?

গোলাঘাটৰ এটা চোৰৰ জৰিয়তে গোলাঘাট আৰক্ষীয়ে চোৰৰ দলটোৰ লগত অব্যাহত ৰাখিছিল যোগাযোগ। অৱশেষত 20 লাখ টকাত কিনাৰ চুক্তি কৰি ছদ্মবেশত নলবাৰীত উপস্থিত হৈ আদিলৰ কাষ চাপিছিল গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচৰ আৰু গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰা৷

কেনেদৰে হৈছিল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহৰ চুৰি ?

By

Published : May 1, 2019, 11:56 PM IST

Updated : May 2, 2019, 1:42 PM IST

গোলাঘাট, 1 মে' : সম্পূৰ্ণ 5 মাহ 16 দিনৰ অন্তত উদ্ধাৰ হ'ল উগ্ৰতৰাৰ বিগ্ৰহ ৷ আৰক্ষীৰ জালত ছটাকৈ চোৰ ৷ কিন্তু বৰ্তমানেও পলাতক আজিজুল আলি ৷ ৷ বিগ্ৰহ চুৰি কৰাৰ সময়ত আদিল আৰু মিন্টুৰ লগত আছিল বাক্সা বৰমাৰ আজিজুল আলি আৰু চামচুল আলি। বৰমা আৰক্ষীয়ে চামচুল আলিক গ্ৰেপ্তাৰ কৰিছে যদিও আজিজুল আলি বৰ্তমানেও পলাতক।

কেনেদৰে হৈছিল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহৰ চুৰি ?

উগ্ৰতাৰাৰ বিগ্ৰহ 20 লাখ টকাত বিক্ৰী কৰিবলৈ আঁচনি প্ৰস্তুত কৰিছিল চোৰৰ দলটোৱে। বিশেষ সূত্ৰে জানিব পৰা মতে, চোৰৰ দলটোৱে বিগ্ৰহৰ কটা টুকুৰা এটা গোলাঘাটৰ এখন সোণাৰী শাললৈ পৰীক্ষণৰ বাবে আনিছিল ৷ টুকুৰাটো দেখি সোনাৰীৰ সন্দেহ ওপজাত গোলাঘাট আৰক্ষীক এই সম্বন্ধে অৱগত কৰিছিল সোনাৰীজনে৷ তাৰ পাছতেই গোলাঘাট আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ গোলাঘাটৰ এটা চোৰৰ জৰিয়তে গোলাঘাট আৰক্ষীয়ে চোৰৰ দলটোৰ লগত অব্যাহত ৰাখিছিল যোগাযোগ। অৱশেষত 20 লাখ টকাত কিনাৰ চুক্তি কৰি ছদ্মবেশত নলবাৰীত উপস্থিত হৈ আদিলৰ কাষ চাপিছিল গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচৰ আৰু গোলাঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰা৷ আৰক্ষীৰ তদন্ততেই উদ্ধাৰ হয় উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ৷

উল্লেখ্য যে, নলবাৰী বাহনাৰ এটি এটিএম চুৰি কাণ্ডটো জড়িত আছিল আদিল, মিন্টু আৰু গোলাঘাটৰ চোৰটো। যোৰহাট জেলতে পৰিচয় হৈছিল দুধৰ্ষ চোৰৰ দলটোৰ। মন্দিৰৰ বিগ্ৰহ চুৰি কৰি প্ৰথমে বৰমাৰ আজিজুলৰ ঘৰত লুকুৱাই ৰাখিছিল চোৰৰ দলটোৱে৷ পৰৱৰ্তী সময়ত নলবাৰীৰ আদিলৰ ঘৰলৈ আনি পুখুৰীত পুতি থৈছিল বিগ্ৰহটো৷ আদিলে বিগ্ৰহটো বিক্ৰী কৰিবলৈ আনোতেই হাতে-লোটে আৰক্ষীৰ হাতত ধৰা পৰে চোৰৰ দলটো৷ গোলাঘাট আৰক্ষীয়ে বিগ্ৰহ সহিতে চাৰি কুখ্যাত চোৰক আদালতত হাজিৰ কৰাৰ পাচততেই লতাশিল আৰক্ষী থানাৰ পৰা অহা আৰক্ষীৰ দলটোক হস্তান্তৰ কৰে বিগ্ৰহ আৰু কুখ্যাত চোৰকেইটাক৷

Last Updated : May 2, 2019, 1:42 PM IST

ABOUT THE AUTHOR

...view details