অসম

assam

ETV Bharat / state

আবকাৰী বিষয়াৰ বাহন দুৰ্ঘটনাৰে পানী বটলৰ কি সম্পৰ্ক ! - পানী বটল

উল্লেখ্য যে,  আবকাৰী চোৰাংচোৱা বিভাগৰ মুঠ 6 জন বিষয়া-কৰ্মচাৰী AS-01DJ-0801 নম্বৰৰ টাটা চুম' খনত গুৱাহাটীৰ পৰা গোলাঘাটলৈ আহিছিল ৷ জুইত সম্পূৰ্ণ ভস্মীভূত হোৱা চুম' খনৰ ভিতৰতে ৰমেন বনজাং নামৰ এজন কনিষ্টবল অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ লগতে আবকাৰী চোৰাংচোৱা বিভাগৰ পৰিদৰ্শক চামু মাইবঙৰ ঘটনাস্থলীতে মৃত্যু হয় ৷

জ্বলি উঠা বাহনখন

By

Published : Sep 27, 2019, 7:29 PM IST

Updated : Nov 21, 2019, 5:13 PM IST

গোলাঘাট, 27 চেপ্তেম্বৰঃ এটা পানী বটলৰ বাবে সংঘটিত হৈছিল গোলাঘাটৰ ভয়াৱহ পথ দুৰ্ঘটনা। ডাম্পাৰৰ চালক সমীৰ গড়ৰ এই স্বীকাৰোক্তি। গোলাঘাট মৰঙি সাৰৰ গাঁৱৰ ভয়াৱহ পথ দুৰ্ঘটনাৰ পাচত গোলাঘাট আৰক্ষীৰ মাৰাথান জেৰাত ডাম্পাৰ চালক সমীৰ গড়ে কয়,

''চলি থকা অৱস্থাত গাড়ীখনৰ ব্ৰেকৰ তলত এটা পানীৰ বটল সোমাই পৰে ৷ সেয়েহে মই বহু চেষ্টা কৰিও গাড়ীখন ৰখাব নোৱাৰিলো ৷ ইয়াৰ পাচতে নিয়ন্ত্ৰণ হেৰুৱাই আমাৰ ডাম্পাৰখনে টাটা চুমখনত খুন্দা মাৰে ৷ গাড়ী দুয়োখনৰ সংঘৰ্ষ হোৱাৰ সময়ত ডাম্পাৰৰ তেলৰ টেংকীত চুম খনে প্ৰচণ্ডজোৰে খুন্দা মাৰে ৷ যাৰ ফলত দাউ দাউকৈ জ্বলি উঠে আবকাৰী বিষয়াৰ বাহনখন ।''

এই দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈছে ৷ আৱকাৰী বিভাগৰ অতিৰিক্ত আয়ুক্ত সঞ্জীৱ মেধিয়েও আজি মৰঙি সাৰৰ গাঁৱৰ ঘটনাস্থলী পৰিদৰ্শন কৰে ৷

সকলো সৱিশেষ সামৰি দিগন্ত চাহুৰ বিশেষ প্ৰতিবেদন

উল্লেখ্য যে, আবকাৰী চোৰাংচোৱা বিভাগৰ মুঠ 6 জন বিষয়া-কৰ্মচাৰী AS-01DJ-0801 নম্বৰৰ টাটা চুম' খনত গুৱাহাটীৰ পৰা গোলাঘাটলৈ আহিছিল ৷ জুইত সম্পূৰ্ণ ভস্মীভূত হোৱা চুম' খনৰ ভিতৰতে ৰমেন বনজাং নামৰ এজন কনিষ্টবল অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ লগতে আবকাৰী চোৰাংচোৱা বিভাগৰ পৰিদৰ্শক চামু মাইবঙৰ ঘটনাস্থলীতে মৃত্যু হয় ৷ আনহাতে, আবকাৰী বিভাগৰ সহপৰিদৰ্শক হৰেকৃষ্ণ কুমাৰৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ সম্প্ৰতি মুঠ 6 জনৰ ভিতৰত আন তিনিজন চিকিৎসাধীন বিষয়া, তানু ইনজাল যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে ৷ ইপিনে জাহিদুল হক (ছিপাঝাৰ) আৰু চুমু খনৰ চালক কে ৰাহুল সিং ( শিলচৰ) গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

এই দুৰ্ঘটনাৰ পিছতেই বিভিন্ন ধৰণৰ সন্দেহ আৰু অভিযোগ উত্থাপিত হৈছে । আবকাৰী বিভাগৰ আয়ুক্তৰ নিৰ্দেশ মৰ্মে গোলাঘাটলৈ অভিযান চলাবলৈ আহিছিল দলটো । গোলাঘাটত শেহতীয়াকৈ দেশৰ সৰ্ববৃহৎ সুৰা ট্ৰেজেদী সংঘটিত হৈছিল ৷ সুৰাৰ অভিযান আৰু সুৰা ব্যৱসায়ীৰ তথ্য পোহৰলৈ নাহিবলৈ এই দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ একাংশৰ। গুৱাহাটীৰ পৰা গোলাঘাট লৈ বিশেষ অভিযানৰ বাবে আহিছিল এই আবকাৰী বিভাগৰ কৰ্মচাৰীৰ দলটো । দলটোৱে গোলাঘাট আবকাৰী বিভাগক লগত লৈ অভিযান চলোৱাৰ কথা আছিল যদিও নিশা গোলাঘাট আবকাৰী বিভাগৰ অজ্ঞাতে ওলাই গৈছিল দলটো, তাৰ পিছতেই সংঘটিত হৈছিল এই কৰুণ দুৰ্ঘটনা ৷

Last Updated : Nov 21, 2019, 5:13 PM IST

ABOUT THE AUTHOR

...view details