অসম

assam

ETV Bharat / state

সৰুপথাৰত জাৱৰ নিষ্কাশন অভিযানৰ শুভাৰম্ভণী - আত্মসহায়ক গোট

এই কাৰ্যসূচীত মুখ্য অতিথি জাবেদ আৰমানে ঘৰে ঘৰে গৈ জাৱৰ কঢ়িওৱা তিনিখন ই ৰিক্সা,এখন এপে আৰু দুখন ভ্ৰাম্যমাণ শৌচালয়ৰ ফিটা কাটি অনুষ্ঠানৰ শুভউদ্বোধন কৰে ।

সৰুপথাৰত জাৱৰ নিষ্কাশন অভিযানৰ শুভাৰম্ভণী

By

Published : Jul 2, 2019, 8:44 AM IST

Updated : Jul 2, 2019, 9:34 AM IST

সৰুপথাৰ, ২ জলাই :সোমবাৰে সৰুপথাৰ ৰাজহুৱা ভৱনৰ প্ৰাংগণত জাৱৰ মুক্ত নগৰ গঢ়াৰ লক্ষ্যৰে সৰুপথাৰ নগৰৰ ঘৰে ঘৰে গৈ জাৱৰ নিষ্কাশন অভিযানৰ শুভাৰম্ভণী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সৰুপথাৰ পৌৰসভাৰ উদ্যোগত আৰু স্থানীয় মহিলা আত্মসহায়ক গোটৰ সহযোগত এই জাৱৰ নিষ্কাশন অভিযানৰ শুভাৰম্ভণী কৰা হয় ।

সৰুপথাৰত জাৱৰ নিষ্কাশন অভিযানৰ শুভাৰম্ভনি

এই জাৱৰ মুক্ত নগৰ গঢ়া অভিযানৰ লগত সৰুপথাৰ নগৰৰ চাৰিখন ৱাৰ্ডৰ আঠটা মহিলা আত্মসহায়ক গোটৰ সদস্যা জড়িত আছে । পৌৰসভাৰ সভাপতি বিপ্লৱ শৰ্মাই জাৱৰ মুক্ত নগৰ অভিযানৰ শুভ উদ্বোধন কৰে। এই অনুষ্ঠানত ধনশিৰি মহকুমা প্ৰশাসনৰ সৰুপথাৰ ৰাজহ চক্ৰ বিষয়া জাবেদ আৰমান,পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা নিৰ্বাচনী বিষয়া সোনাশ্ৰী ব্ৰহ্ম,দণ্ডাধীশ কিষাণ ডেকা,সৰুপথাৰ শাখা সাহিত্য সভাৰ সভাপতি দুতিৰাম বৰা,সমাজ সেৱক ভুৱন কোঁৱৰ,ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ সভাপতি মাখমুদ আলী আদিয়ে এই অনুষ্ঠানত উপস্থিত থাকি স্বচ্ছতা সন্দৰ্ভত বহুমূলীয়া বক্তব্য প্ৰদান কৰে। এই কাৰ্যসূচীত মুখ্য অতিথি জাবেদ আৰমানে ঘৰে ঘৰে গৈ জাৱৰ কঢ়িওৱা তিনিখন ই ৰিক্সা, এখন এপে আৰু দুখন ভ্ৰাম্যমান শৌচালয়ৰ ফিটা কাটি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে।

সৰুপথাৰত জাৱৰ নিষ্কাশন অভিযানৰ শুভাৰম্ভনি
Last Updated : Jul 2, 2019, 9:34 AM IST

ABOUT THE AUTHOR

...view details