গোলাঘাট, 14 আগষ্ট : চাওঁতে চাওঁতে স্বাধীন ভাৰতে 75 বছৰত ভৰি দিলে । স্বাধীনতা দিৱসৰ এই শুভ ক্ষণত আমি আজি ক'বলৈ লৈছোঁ আমাৰ এই মুলুকৰ এজন স্বাধীনতা সংগ্ৰামীৰ চৰম ত্যাগৰ কথা । ৰে'ল বগৰোৱাৰ মিছা অপবাদ শিৰত লৈ হাঁহি হাঁহি বগা বঙালৰ ফাঁচী কাঠত উঠা এইজন মুক্তিযোদ্ধা হৈছে শ্বহীদ কুশল কোঁৱৰ।
প্ৰকৃততে সৰুপথাৰত কোনে বগৰাইছিল বৃটিছ সৈন্যভৰ্তি ৰে’ল এতিয়া প্ৰশ্ন হৈছে স্বাধীনতা সংগ্ৰামী কুশল কোঁৱৰ বৃটিছ সৈন্যভৰ্তি ৰে’ল বগৰোৱা কাৰ্যত জড়িত আছিল নে নাই ? সৰুপথাৰ শুকাননলাৰ ৰে'ল বগৰোৱাৰ কথা ওলালেই বহুতে কুশল কোঁৱৰৰ নামটো সাঙুৰি দিয়া দেখা যায় । কিন্তু আমাৰ অনুসন্ধানত স্পষ্ট হৈ পৰিল যে, কেৱল অহিংসা মাৰ্গত বিশ্বাসী এই মহান স্বাধীনতা সংগ্ৰামীগৰাকী উক্ত ৰে'ল বগৰোৱা কাৰ্যৰ সৈতে জড়িত নাছিল ।
সেই সময় ভাৰত ত্যাগ আন্দোলনৰ ৷ ঔপনিবেশিক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে দেশজুৰি চলিছে তীব্ৰ প্ৰতিবাদ । সেই সময়তে 1942 চনৰ 10 জুনৰ মাজ নিশা 1 বাজি 52 মিনিটত সৰুপথাৰ ৰে'ল ষ্টেচনৰ পৰা উজনিৰ ফালে 6 কিলোমটাৰ দূৰত্বত সংঘটিত হয় এক ৰে’ল দুৰ্ঘটনা ।
লগতে পঢ়ক:জাতিৰ পিতা মহাত্মা গান্ধীয়ে জিৰণি লোৱা এটা বিশেষ বঙলা
বৃটিছ মিলিটেৰী ভৰ্তি এখন ৰে’ল লাইনচ্যুৎ হৈ বাগৰি পৰে শুকান নলাত । অভিযোগ অনুসৰি উক্ত ৰে’লখন বগৰাইছিল একাংশ চৰমপন্থাত বিশ্বাসী স্বাধীনতা সংগ্ৰামীয়ে । এই অভিযোগতে অভিযুক্ত হৈছিল স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰ ৷ এই দুৰ্ঘটনাটোক কেন্দ্ৰ কৰিয়েই বৃটিছে মৃত্যুদণ্ড বিহিছিল শ্বহীদ কুশল কোঁৱৰক ।
কিন্তু আমাৰ অনুসন্ধানত ওলাই পৰিছে যে, অহিংস পন্থাৰ বিশ্বাসী কুশল কোঁৱৰৰ বিৰুদ্ধে ই একেবাৰে মিছা অপবাদ। উক্ত ঘটনা সংঘটিত হোৱাৰ দিনা কুশল কোঁৱৰ নিজৰ ঘৰত শুই থকা বুলি জানিবলৈ দিছে কুশল কোঁৱৰৰ ডাঙৰ পুত্ৰৰ বোৱাৰীয়েকে । ইয়াৰ উপৰিও উক্ত ৰে'ল বগৰোৱা কাৰ্যৰ সৈতে জড়িত ইন্দ্ৰেশ্বৰ ফুকনে নিজ মুখে একাংশ সাংবাদিক কৈ গৈছে উক্ত ৰে'ল বগৰোৱা কাৰ্যৰ লগত জড়িত নাছিল কুশল কোঁৱৰ ।
এই সন্দৰ্ভত 1994 চনত গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাৰ সন্মুখত ইন্দ্ৰেশ্বৰ ফুকনে স্পষ্টভাৱে বৰ্ণনা কৰি থৈ গৈছে সমগ্ৰ ঘটনাৱলী ।
লগতে পঢ়ক:অসমৰ ১৮ গৰাকী আৰক্ষী জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
এই ৰে'ল বগৰোৱা কাৰ্যত জড়িত ইন্দ্ৰেশ্বৰ ফুকনে সংগ্ৰামী সকলক যোগান ধৰিছিল কেৰাচিন তেল । গতিকে ইয়াৰ পৰা স্পষ্ট হয় যে, সেই সময়ৰ সৰুপথাৰ কংগ্ৰেছৰ সভাপতি কুশল কোঁৱৰৰ ওপৰত মিছা অপবাদ জাপি দি বৃটিছৰ বিৰুদ্ধে সৃষ্টি হোৱা প্ৰৱল প্ৰতিবাদমুখৰ পৰিস্থিতিক নিয়ন্ত্ৰণ কৰাৰ বাবে এই ষড়যন্ত্ৰ চলোৱা হৈছিল ৷
অস্ত্ৰৰ বলেৰে বৃটিছ শাসকে কুশল কোঁৱৰ আৰু তেওঁৰ নিচিনা বহু দেশ প্ৰেমিকৰ প্ৰাণ কাঢ়ি ল'লে সঁচাই কিন্তু ইয়াৰ মাত্ৰ কেইবছৰ মান পিছতেই তেওঁলোকে এই পৱিত্ৰ ভাৰত ভূমিক গোলামৰ শিকলিৰ পৰা মুক্ত কৰি দিবলৈ বাধ্য হ'ল । এনেদৰে পৰাধীনতাৰ শিকলি চিঙি ভাৰতবৰ্ষত স্বৰাজ স্থাপনৰ কল্পনা কৰা শ শ শ্বহীদ আৰু দেশ প্ৰেমিকৰ প্ৰৱল ইচ্ছা শক্তিয়ে এখন সাৰ্বভৌম ভাৰতৰ সপোন বাস্তৱ কৰি তুলিলে ।
লগতে পঢ়ক :মৰণোত্তৰভাৱে অসম আৰক্ষীৰ 6 গৰাকী শ্বহীদলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক