অসম

assam

ETV Bharat / state

সংৰক্ষণৰ অভাৱত জহি-খহি গৈছে বৰপথাৰৰ প্ৰাচীন কীৰ্তি চিহ্ন

উপযুক্ত সংৰক্ষণৰ অভাৱত জহি-খহি গৈছে বৰপথাৰৰ একাংশ প্ৰাচীন কীৰ্তি চিহ্ন। গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ দুৱৰনিৰ একাংশ প্ৰাচীন কীৰ্তি চিহ্ন সংৰক্ষণৰ অভাৱতেই জহি খহি পৰি ৰৈছে ।

সংৰক্ষণৰ অভাৱত জহি-খহি গৈছে বৰপথাৰৰ প্ৰাচীন কীৰ্তি চিহ্ন
সংৰক্ষণৰ অভাৱত জহি-খহি গৈছে বৰপথাৰৰ প্ৰাচীন কীৰ্তি চিহ্ন

By

Published : Jun 12, 2021, 10:25 PM IST

সৰুপথাৰ, 12 জুন :সংৰক্ষণৰ অভাৱত জহি-খহি গৈছে বৰপথাৰৰ প্ৰাচীন কীৰ্তি চিহ্ন । গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ দুৱৰনিৰ একাংশ প্ৰাচীন কীৰ্তি চিহ্ন। ৬০০/৭০০ শতিকাৰ এই কছাৰী ৰজা দিনীয়া শিৱ মন্দিৰৰ লগতে অনান্য প্ৰাচীন কীৰ্তি চিহ্ন চাবলৈ দূৰ-দূৰণিৰ পৰা পৰ্যটক অহা পৰিলক্ষিত হৈছে ।

আজিৰে পৰা প্ৰায় ১৯-২০ বছৰৰ পূৰ্বে বৰপথাৰৰ দুৱৰনিৰ কাঞ্চন নাগ নামৰ এজন ব্যক্তিৰ নিজৰ বাৰীত চাহ খেতি কৰাৰ বাবে মাটি খান্দোতে উদ্ধাৰ হৈছিল শিলৰ লিপি ৷ এই লিপি সংশ্লিষ্ট কৰ্তৃপক্ষক আনি দেখুৱাত উক্ত স্থান ডোখৰত খনন চলোৱাত উদ্ধাৰ হৈছিল শিৱ মন্দিৰ আৰু দুৰ্গা মন্দিৰৰ লগতে দুই-এপদ অন্য সা-সামগ্ৰী।

সংৰক্ষণৰ অভাৱত জহি-খহি গৈছে বৰপথাৰৰ প্ৰাচীন কীৰ্তি চিহ্ন

ইপিনে এই স্থানত দাতা তথা চোৱা চিতা কৰা কাঞ্চন নাগে কয় যে, বৰ্তমান এই কছাৰী ৰজাৰ দিনৰ প্ৰত্ন-তাত্বিক সমল সমুহ উপযুক্তভাৱে সংৰক্ষণ নকৰাত জহি-খহি গৈছে আৰু হয়তো ৫/৬ বছৰ পিছত লুপ্ত হৈ যোৱাৰো উপক্ৰম হ’ব ৷

অসমৰ ভিন্ন প্ৰান্তত থকা ঐতিহাসিক কীৰ্তি চিহ্নবোৰৰ দৰে এই ঠাইখিনি উচিত মানদণ্ডৰ সংৰক্ষণ হ’লে অধিক চৰ্চা লাভ কৰাৰ লগতে ভিন্ন ঠাইৰ পৰ্যটকৰ আকৰ্ষণৰ স্থান হৈ পৰিব ৷ এই ঠাই খিনিত থকা শিৱমন্দিৰ টোৰ লগতে এই ঠাইৰ সেউজীয়া মনোমোহা দৃশ্য উপভোগ কৰিবলৈ বৰ্তমানো বিভিন্ন জন লোক অহা পৰিলক্ষিত হৈছে ৷

এই স্থানলৈ অসমৰ বিভিন্ন ঠাইৰ লগতে আহে অসমৰ বাহিৰৰ বিভিন্ন পৰ্যটক ৷ পৰ্যটকক আকৰ্ষণ কৰিবলৈ ধৰা এই স্থানক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৰূপে গঢ়ি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় স্থানীয় লোকে ৷

লগতে পঢ়ক:নাৰেংগীত লাইনচ্যুত মালবাহী ৰে'ল: যোগাযোগ ব্যাহত

ABOUT THE AUTHOR

...view details