গোলাঘাট, 2 জুন :কৰ’ণা মহামাৰীৰ সংকটৰ সময়ত এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে হিন্দু জাগৰণ মঞ্চৰ সৰুপথাৰ প্ৰখণ্ড সমিতি আৰু আৰ.এছ.এছ.ৰ এটা দলে ৷ এই দলটোৱে সৰুপথাৰ ৰেলৱে ষ্টেচন আৰু সৰুপথাৰৰ পদুমনি মধ্য ইংৰাজী বিদ্যালয়ত থকা ক'ভিড প্ৰতিষেধক কেন্দ্ৰৰ চেনিটাইছ কৰাৰ লগতে কৰ্তব্যৰত আৰক্ষীৰ লোক আৰু সাধাৰণ ৰাইজৰ মাজত মাস্ক আৰু চাবোন বিতৰণ কৰে ।
ইয়াৰ লগতে দলটোৱে ধনশিৰি মহকুমাৰ অন্তৰ্গত সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত পি.পি.ই. কিট-ও বিতৰণ কৰে । এই কাৰ্যসূচীৰ অংশ হিচাপে মহকুমাটোৰ অন্তৰ্গত বৰপথাৰৰ হাইস্কুল তিনি আলি, ৰেলৱে ষ্টেচন আদি স্থান সমূহত কৰিলে চেনিটাইজড ।