গোলাঘাট, 21 জানুৱাৰীঃগোলাঘাটত অহা 24 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ শান্তি সমদল অনুষ্ঠানৰ প্ৰস্তুতি পৰ্যবেক্ষণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ পৰ্যবেক্ষণৰ মাজতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বহুকেইটা গুৰুত্বপূৰ্ণ দিশ উন্মোচন কৰিলে মন্ত্ৰীগৰাকীয়ে ৷
বিজেপিৰ শান্তি সমদল সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে যে, শান্তি সমদলৰ প্ৰধান উদ্দেশ্য হ'ল নিৰ্বাচনী ইস্তাহাৰত ঘোষিত প্ৰতিশ্ৰুতি 4 বছৰত যিখিনি পূৰাব পৰা নগ'ল সেইখিনি এইবছৰত পূৰণ কৰা ৷ দ্বিতীয়তে বিৰোধীয়ে যিহেতু "কা" বিৰোধী আন্দোলনৰ দোহাই দি নতুন দল গঠনৰ কথা কৈছে, সেয়ে 2021 লৈ ককালত টঙালি বান্ধি বিজেপিক সাজু কৰা ৷
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত চলিব লগীয়া গোচৰ সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয় যে, 22 জানুৱাৰীত এই গোচৰৰ প্ৰাৰম্ভিক কাম কাজ হে আৰম্ভ হ'ব, ৰায়দান নহয় ৷ ইয়াৰ লগতে একাংশ সাংবাদিকে 'কা'বিৰোধী আন্দোলনৰ সময়ত একাংশ নিৰ্দোষী লোকক আটক কৰা বুলি উত্থাপন কৰা অভিযোগৰ বিষয়ত মন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে জনায় যে, যিসকল নিৰ্দোষী লোক ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে সেইসকলক মুকলি কৰি দিয়া হ'ব ৷ কাৰোবাৰ প্ৰতি যদি এনে অন্যায় হৈছে, তেওঁলোকক অনতি পলমে ৰেহাই দিয়া হ'ব ৷ নিৰপৰাধীলোকৰ ক্ষেত্ৰত কোনো কাৰণতে শাস্তি হ'ব লোৱাৰে ৷ কিন্তু ধ্বংসাত্মক কাৰ্য যেনে টায়াৰ জ্বলোৱা, ৰাজহুৱা সম্পত্তি নষ্ট কৰাত জড়িতসকলৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা ৷