অসম

assam

ETV Bharat / state

গোলাঘাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - গোলাঘাটত কৰ‘ণা আক্ৰান্ত

গোলাঘাট জিলাৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ জিলাখনত শুকুৰবাৰে উপস্থিত হয় অসমৰ স্বাস্থ্যমন্ত্ৰী গৰাকী ৷ তেওঁৰ সৈতে উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু কৃষি মন্ত্ৰী অতুল বৰা ৷

গোলাঘাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
গোলাঘাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By

Published : Jul 18, 2020, 1:19 AM IST

গোলাঘাট, 18 জুলাইঃ গোলাঘাট জিলাত প্ৰতিদিনে দ্ৰুত হাৰত বৃদ্ধি পাবলৈ লোৱা কৰ’ণা আক্ৰান্তৰ বিষয়টো সম্পৰ্কে বুজ লবলৈ শুকুৰবাৰে জিলাখনত উপস্থিত হয় অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ স্বাস্থ্য মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচা ৷ তেওঁলোকে গোলাঘাট জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগৰ সৈতে সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে আলোচনাত মিলিত হয় ৷

গোলাঘাটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

উল্লেখ্য যে, ভাৰত চৰকাৰৰ এক প্ৰতিবেদনত গোলাঘাট জিলাত আক্ৰান্তৰ সংখ্যা আঢ়ৈ হাজাৰ হোৱাৰ আশংকা ব্যক্ত কৰিছে ৷ বৰ্তমান গোলাঘাট জিলা আক্ৰান্তৰ ক্ষেত্ৰত কামৰূপ মহানগৰ জিলাৰ পাচতে গোলাঘাট দ্বিতীয় স্থানত আছে ৷ গোলাঘাটত বৰ্তমান আক্ৰান্তৰ সংখ্যা 1000 গৰাকীলৈ বৃদ্ধি পাইছে ৷ জিলাখনত ভয়াৱহ ভাৱে বৃদ্ধি পাব লৈছে কৰ’ণা আক্ৰান্তৰ সংখ্যা ৷ গোলাঘাটত বৰ্তমানলৈ প্ৰায় 100 জন ভ্ৰমণ ইতিবৃত্ত নথকা লোকৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছ ৷ সেয়ে জিলাখনত ৰেপিড টে'ষ্টৰ সংখ্যা বঢ়াই 40 হাজাৰ জনসংখ্যাৰ মাজত 4,000 লোকক সামৰি লোৱাৰ চিন্তা কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

টে’ট শিক্ষক নিযুক্তি আৰু সাংবাদিক গ্ৰেপ্তাৰৰ প্ৰসংগত হিমন্ত

আনহাতে বৰ্তমান আক্ৰান্ত অধিক লোকৰে অৱস্থা অক্সিজেন কমি যোৱাৰ বাবে ক্ৰমশ বেয়া হ'বলৈ ধৰিছে বুলি প্ৰকাশ কৰে ৷

আনহাতে ধুবুৰীত সাংবাদিকক গ্ৰেপ্তাৰৰ প্ৰসংগত সাংবাদিকৰ আগত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয় যে, স্বয়ং মুখ্যমন্ত্ৰীয়ে বিষয়টো তদন্তৰ নিৰ্দেশ দিছে ৷ আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান প্ৰসংগত ডঃ শৰ্মাই কয় , তেওঁ ২০ তাৰিখে কাজিৰঙা বান পৰিস্থিতি পৰ্যাবেক্ষণ কৰিবলৈ যাব ৷ আনহাতে ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে যাৱতীয়া ব্যৱস্থা ল‘বলৈ উপায়ুক্ত সকলক নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে ৷

ইপিনে বিদ্যালয় সমূহ খোলাৰ পূৰ্বেই 11 হাজাৰ টেট শিক্ষকক নিযুক্তি দিয়া হ’ব বুলি সাংবাদিকৰ আগত তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃসাত মাইলৰ দহমহলীয়া বিল্ডিঙত চিকিৎসা চলিব কৰ'ণা পজিটিভ কাৰাবন্দীৰ

ABOUT THE AUTHOR

...view details