অসম

assam

By

Published : Oct 3, 2020, 10:57 PM IST

ETV Bharat / state

নৱগঠিত আঞ্চলিক দলসমূহক চেমনীয়াৰ দল বুলিলে হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যত গঠিত আঞ্চলিক দলসমূহক ৰাজনৈতিক দল বুলি ক'লে ভুল হ'ব,চেমনীয়াৰ দল বুলি ক'লেহে ভাল হ'ব ৷ শনিবাৰে বোকাখাত মহকুমা শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় মুকলি কৰি এইদৰে নতুন ৰাজনৈতিক দলসমূহক কটাক্ষ কৰে মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই ৷ তদুপৰি নিৰ্বাচনত নাম ল'বলৈ সুবিধা হ'বৰ বাবে মন্ত্ৰীগৰাকীয়ে সকলো আঞ্চলিক দলকে একলগ হ'বলৈ আহ্বান জনায় ৷

Himanta biswa Sarma Critisized new political parties of assam
নৱগঠিত আঞ্চলিক দলসমূহ ৰাজনৈতিক দল নহয়,চেমনীয়াৰ দলহেঃহিমন্ত বিশ্ব শৰ্মা

গোলাঘাট,3অক্টোবৰঃ ৰাজ্যত গঠিত আঞ্চলিক দলসমূহক ৰাজনৈতিক দল বুলি ক'লে ভুল হ'ব,চেমনীয়াৰ দল বুলি ক'লেহে ভাল হ'ব ৷ শনিবাৰে বোকাখাত মহকুমা শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় মুকলি কৰি এইদৰে নতুন ৰাজনৈতিক দলসমূহক কটাক্ষ কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ তদুপৰি নিৰ্বাচনত নাম ল'বলৈ সুবিধা হ'বৰ বাবে মন্ত্ৰীগৰাকীয়ে সকলো আঞ্চলিক দলকে একলগ হ'বলৈ আহ্বান জনায় ৷

নৱগঠিত আঞ্চলিক দলসমূহ ৰাজনৈতিক দল নহয়,চেমনীয়াৰ দলহেঃহিমন্ত বিশ্ব শৰ্মা

ইপিনে, ১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 100খন বিচনাযুক্ত চিকিৎসালয়খন ২০১৮ চনৰ ১২ অক্টোবৰত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিছিল আৰু ২ বছৰৰ ভিতৰত চিকিৎসালয় খনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা হয় ৷উল্লেখযোগ্য যে, প্ৰথমে চিকিৎসালয়খন ক'ভিড কেয়াৰ হাস্পতাল হিচাপে ব্যৱহাৰ কৰা হ'ব ৷

আনহাতে, চিকিৎসালয়ৰ মুকলি অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা আৰু ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকা, বিধায়ক পল্লৱ লোচন দাস, কাৰ্বি আলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য বিষয়া তুলিৰাম ৰংহাংৰ লগতে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল ৷ তদুপৰি বোকাখাতবাসীৰ প্ৰবল দাবীৰ পাছত চিকিৎসালয় খনৰ লগত এটা ট্ৰমা চেন্টাৰ স্থাপনৰ বাবে আমানতৰ ধন মোকলাই দিয়াৰ কথাও ঘোষণা কৰে মন্ত্ৰী শৰ্মাই ৷

লগতে পঢ়কঃআৰক্ষী অধীক্ষকৰ নামত ধন দাবী যুৱকৰ

ABOUT THE AUTHOR

...view details