গোলাঘাট, 7 আগষ্টঃ ওপৰত সূৰ্য দেৱতাৰ ৰুদ্ৰমূৰ্তি । তলত জনতাৰ ত্ৰাহি মধুসুদন । কোনোবাই যদি গছৰ তলত বহি গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰিছে আন একাংশৰ আকৌ কুঁহিয়াৰ ৰস , শীতল পানীয় , আইছক্ৰীম খাই শৰীৰ শীতলৰ প্ৰয়াস । কেৱল সেয়াই নহয় এফালে উৎকট গৰমত স্তব্ধ হৈ পৰিছে পাঠদান ।
বানৰ পিচত ৰাজ্যত এইবাৰ গৰমৰ তাণ্ডৱ
অত্যাধিক গৰমে দহিছে সমগ্ৰ ৰাজ্য । বিগত তিনিদিন ধৰি চলা উৎকট গৰমত ত্ৰাহি মধুসূদন দেখিছে ৰাজ্যবাসীয়ে । প্ৰখৰ তাপমাত্ৰাৰ বাবে গোলাঘাটত বন্ধ দিছে বিদ্যালয় । অত্যাধিক গৰমৰ বাবে গোলাঘাট বনগাঁওস্থিত জাতীয় বিদ্যালয়ত ঘোষণা কৰিলে অৰ্ধ ছুটী । অন্যান্য বিদ্যালয়সমুহো ছুটী দিবলৈ জিলা উপায়ুক্তক আহ্বান জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ।
বানৰ পিচত ৰাজ্যত এইবাৰ গৰমৰ তাণ্ডৱ
একেৰাহে তিনি চাৰিদিন ধৰি সূৰ্য দেৱতা ৰুষ্ট হৈ থকাত এতিয়া কোনোফালে গৰমৰ পৰা পৰিত্ৰাণ পোৱা নাই ৰাজ্যবাসীয়ে । অতিপাত গৰমৰ বাবেই বুধবাৰে অৰ্ধছুটী দিয়া হ'ল গোলাঘাট জাতীয় বিদ্যালয় । এনেদৰেই গৰম চলি থাকিলে অন্যান্য বিদ্যালয় সমূহো ছুটী দিবলৈ উপায়ুক্তক আহ্বান জনাই গোলাঘাট জাতীয় বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে৷ যাতে উৎকট গৰমৰ পৰা কিছু পৰিমাণে হ 'লেও পৰিত্ৰাণ পাব পাৰে ছাত্ৰ ছাত্ৰী সকলে ।