গোলাঘাট, 13 ডিচেম্বৰ :"মোক ল’ৰা বোৱাৰীয়ে খাবলৈ, থাকিবলৈ নিদিয়ে, মোক বিনা কাৰণত মাৰধৰ কৰে...." অন কেমেৰা হুকহুকাই কান্দি এই কথা অকপটে স্বীকাৰ কৰে এগৰাকী মাতৃয়ে ৷ কিমান নিষ্ঠুৰ হ’লে এটা সন্তানে নিজ মাতৃৰ লগত এনে পশুৰ দৰে আচৰণ কৰিব পাৰে !
অসমীয়াত এষাৰ কথা আছে "আইৰ সমান হ'ব কোন নৈৰ সমান ব'ব কোন " ! মাতৃৰ মমতাৰ লগত একোৰে তুলনা নহয় ৷ কিন্তু সেইগৰাকীয়ে মাতৃয়ে যেতিয়া নিজ পুত্ৰৰ পৰা অৱেহিলত তাতোকৈ দুখৰ কথা আৰু একোৱেই হ’ব নোৱাৰে ৷ এইবাৰ গোলাঘাত জিলাতপুত্ৰ আৰু বোৱাৰীৰ অকথ্য নিৰ্যাতনৰ বলি হয় এগৰাকী অসহায় মাতৃয়ে সহায় ভিক্ষা মাগিছে ৷
এইগৰাকী বৃদ্ধা আইতাৰ বয়স প্ৰায় চাৰি কুৰি, হাতৰ লাখুটিডালত ভৰ দি কোনোমতে থৰক বৰককৈ খোজ কাঢ়িছে আইতাগৰাকীয়ে ৷ গোলাঘাট জিলাৰ বগীজান আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ওল্টাজানৰ বাসিন্দা এই আইতাগৰাকীৰ নাম কিৰণ গগৈ ৷ কিৰণ গগৈ দুটি পুত্ৰ আৰু এগৰাকী কন্যা আছিল ৷
বিগত প্ৰায় এবছৰৰ পৰা তেওঁক জ্যেষ্ঠ পুত্ৰ শৰৎ গগৈ আৰু ডাঙৰ বোৱাৰী লকুমণি গগৈয়ে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে বৃদ্ধাগৰাকীয়ে। তাৰ পিচতে আইতাগৰাকীয়ে অত্যাচাৰ সহ্য কৰিব নোৱাৰি কিছুকাল সৰু বোৱাৰী আৰু কন্যাৰ সৈতে বসবাস কৰিছিল যদিও পুনৰ বৰ পুত্ৰ আৰু বোৱাৰীয়েকে তেওঁক তেওঁলোকৰ লগত লৈ যায় ।