অসম

assam

ETV Bharat / state

গোলাঘাটত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ ঈগল চৰাই - Assam News

স্থানীয় ৰাইজে ঈগলটো উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে ৷ বুকুত আঘাতপ্ৰাপ্ত চৰাইটো ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বন বিভাগে ৷

উদ্ধাৰ হোৱা ঈগলটো

By

Published : Jun 10, 2019, 4:48 PM IST

গোলাঘাট, 10 জুনঃ গোলাঘাটৰ বকিয়াল বুঢ়াগোহাঁই খাটত উদ্ধাৰ বিৰল প্ৰজাতিৰ এটা ঈগল চৰাই । সোমবাৰে পুৱা আঘাতপ্ৰাপ্ত অৱস্থাত পৰি থকা চৰাইটো উদ্ধাৰ কৰে স্থানীয় ৰাইজে ৷

স্থানীয় ৰাইজে বিৰল চৰাইটো প্ৰত্যক্ষ কৰাৰ পিচতে উদ্ধাৰ কৰি চমজাই দিয়ে বকিয়াল বনবিভাগক । চৰাইটোক কোনো চিকাৰীয়ে আক্ৰমণ কৰাৰ সন্দেহ কৰিছে স্থানীয় লোক আৰু বনবিভাগে । চৰাইটোৰ বুকুত আঘাতৰ চিন স্পষ্ট হৈ আছে । বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীয়ে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি ঈগলটো কাজিৰঙাস্থিত বন্যপ্ৰাণী সুৰক্ষা আৰু পুনঃসংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে ৷

গোলাঘাটত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ ঈগল চৰাই

অধিক খবৰৰ বাবে পঢ়কঃ কছুপথাৰত প্ৰিয় খাদ্য বিচাৰি গজৰাজৰ দল

ABOUT THE AUTHOR

...view details